গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ আভ্যন্তৰীণ কন্দলৰ পৰা মুক্ত হ'ব পৰা নাই প্ৰদেশ কংগ্ৰেছ (Infighting in Assam Congress)। একেৰাহে ১৫ বছৰ শাসনত থকা দলটোৱে ক্ষমতা হেৰুওৱাৰ পাচৰে পৰা কেৱল বিতৰ্ক আৰু সংঘাতত নিমজ্জিত হৈ আছে । এটাৰ পাছত আনটোকৈ নিৰ্বাচনত পৰাজয়ৰ সন্মূখীন হোৱা দলটোৱে অন্তৰ্কন্দলৰ বাবে মূৰ দাঙি উঠিব পৰা নাই ।
প্ৰতিটো ক্ষেত্ৰতে কেৱল মাথো সংঘাত আৰু বিসম্বাদ । কেতিয়াবা যদি দলীয় নেতা-কৰ্মীয়ে দলৰ বিৰুদ্ধে অৱস্থান কৰিছে, আন কেতিয়াবা আকৌ দলত থাকিয়েই একাংশ সাংসদ, বিধায়ক তথা নেতাই দলটোক ক্ষতি কৰাত হাত উজান দিছে । এইসকল নেতাৰ কৰ্ম-কাণ্ড সকলোৰে সন্মুখত স্পষ্ট হৈ পৰাৰ পাচত এতিয়া দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে কাক বিশ্বাস কৰিব, কাক নকৰিব তাক লৈ বিবুধিত পৰিছে ।
তেনে এক সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এখন পত্ৰই জোকাৰিছে কংগ্ৰেছক । দলটোৰ সভাপতি ভূপেন কুমাৰ বৰালৈ লিখা পত্ৰখনত দেৱব্ৰত শইকীয়াই দলটোৰ বিভিন্ন সমিতি গঠনত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে (Debabrat saikia Letter to Bhupen Borah)। দলৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত নিষ্ঠাবান কৰ্মীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এই পত্ৰখনত ।
ভূপেন কুমাৰ বৰালৈ (APCC President Bhupen Borah) দিয়া পত্ৰখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ‘‘যোৱা দুদিনমান দলীয় বিভিন্ন সতীৰ্থসকলৰ যোগাযোগ আৰু পৰৱৰ্তী সময়ত আপোনাৰ লগত হোৱা মোৰ কথা-বার্তাৰ পৰৱর্তী সময়ত কেইটামান কথা এই পত্ৰযোগে আপোনাক অৱগত কৰিবলৈ বিচাৰিছো । মই আনুষ্ঠানিকভাৱে মাত্ৰ ১৯৯১ চনতহে কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ বিষয়বাবৰ যোগেদি দলীয় কাৰ্যকর্তা হিচাবে আত্মপ্ৰকাশ কৰাৰ সুযোগ পাইছিলোঁ । যদিও দলৰ বিভিন্ন সভা-সমিতিত ইয়াৰ পূৰ্বৰে পৰা অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলো, বিধায়িনী নিৰ্বাচনত মোৰ মনত পৰাকৈ ১৯৭৭ চনৰ পৰাই অর্থাৎ ছাত্ৰাৱস্থাৰ পৰাই দলীয় প্ৰচাৰত অংশগ্ৰহণ কৰি আহিছো ।’’
তেওঁ (Opposition Leader Debabrat Saikia) লগতে কয়, ‘‘শেহতীয়াকৈ কিছুদিন ধৰি আমাৰ দলৰ বিভিন্ন পদবীৰ বাবে অর্থাৎ দলৰ বিভিন্ন সমিতিসমূহ গঠন হওতে বিভিন্নধৰণৰ মন্তব্য বিভিন্নজনে দিয়া পৰিলক্ষিত হৈছে । এইবাৰৰ সমিতি গঠনৰ বেলিকাও খুউব সম্ভৱ এবছৰমান পূৰ্বে দলীয় হাইকমাণ্ডে মোৰ পৰা কেতবোৰ নাম বিচাৰিছিল আৰু মই সেই নামখিনি দিছিলো । কিন্তু মই অনিচ্ছাস্বত্বেও নাম দিছিলো, যিহেতু মোৰ মনত এটা বিশ্বাস আছিল যে দলৰ শীর্ষ নেতাসকলে দলীয় কাম-কাজত আত্মনিয়োগ কৰা দলীয় নীতি-আদৰ্শৰ প্ৰতি নিষ্ঠা ৰখাসকলকহে আসন দিব । কিন্তু শেহতীয়াকৈ ঘোষণা হোৱা প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ তালিকাত মই আশা কৰা বিভিন্ন জিলাৰ বহু ব্যক্তিৰ নাম দেখা পোৱা নাই ।’’
তেওঁ কয়, ‘‘যোৱা সময়ছোৱাত দলৰ এজন দায়িত্ব থকা ব্যক্তি হিচাবে বিভিন্ন জিলালৈ দলীয় কাৰ্যসূচীত গৈছো আৰু সেইসূত্ৰে বিভিন্নজনৰ লগত চিনাকী-পৰিচয় হৈছে । এইবাৰৰ তালিকাখনত মই উল্লেখ কৰাৰ দৰে বহুকেইজন জিলা পৰ্যায়ৰ বিষয়ববীয়াক তেওঁলোকৰ কামৰ তীব্ৰতা বঢ়াবলৈ ৰাজ্যিক পৰ্যায়ত স্থান দিব পৰা গ'লহেতেন ৷ দলৰ ভাল দিনত দল-সংগঠন কৰা আৰু দলৰ বেয়া দিনত দলক সমৰ্থন কৰা অথবা দলত যোগদান কৰা সকলৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত ৷ মই দুটামান উদাহৰণ দিব বিচাৰোঁ, কিন্তু চাবলৈ গ’লে বহু উদাহৰণ দিব পাৰি ৷’’
উদাহৰণ দাঙি ধৰি তেওঁ কয়, ‘‘দণ্ডী সোণোৱাল যুৱ কংগ্ৰেছৰ আমাৰ সহকৰ্মী আছিল । পৰৱৰ্তী সময়ত তেওঁ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদটো অধিষ্ঠিত হৈছিল । কিন্তু দুর্ভাগ্যজনকভাবে আমাৰ দিনত গঠন হোৱা কুৰিখনতকৈ অধিক স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ণ পৰিষদৰ নেতা-কৰ্মীসকলে ৰাতিটোৰ ভিতৰতে যেতিয়া নিজৰ ৰং সলাই শাসকীয় পক্ষ অর্থাৎ নতুনকৈ গঠন হোৱা বিজেপিৰ পক্ষত গুছি গৈছিল সেইখিনি সময়ত কিন্তু একমাত্ৰ দণ্ডী সোণোৱালে আমাৰ দলৰ প্ৰতি আস্থা ৰাখি আমাক সহযোগিতা আগবঢ়াই গ'ল । তেওঁ যোৱা সময়চোৱাত দলীয় কাৰ্যসূচীৰ বাবে প্ৰদেশ কংগ্ৰেছে দিয়া সম্পাদকৰ দায়িত্ব মোৰ জিলা আৰু অন্যান্য অঞ্চলত নিষ্ঠাৰে পালন কৰা মই দেখি আহিছিলো । আনকি শেহতীয়াকৈ ভাৰত জোড়ো যাত্ৰা অসমত সমাপ্তি হোৱাৰ এদিন পূৰ্বেও তেওঁ তিনিচুকীয়াত এখন সভাৰ আয়োজন কৰিছিল, য'ত আপুনি মই আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকল উপস্থিত আছিলো । কিন্তু এইবাৰ সমিতিত তেওঁৰ অন্তৰ্ভুক্তি নোহাৱা কথাটোৱে তেওঁৰ মনত দুখ দিছে আৰু মোক তেওঁ কথাটো অৱগত কৰিছে ।’’