গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী :ভোটৰ ৰাজনীতি মানেই যেন একাংশ ৰাজনৈতিক নেতাৰ মুখ চুপতি ! অন্ততঃ শেহতীয়া ৰাজনৈতিক বাতাবৰণে সাধাৰণ জনতাক তেনেকৈয়ে ভাবিবলৈ বাধ্য কৰাইছে । মাজুলীৰ উপ-নিৰ্বাচনৰ (Majuli by election 2022) বাবে বিজেপিয়ে ভুবন গামৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছদিনাই অসম জাতীয় পৰিষদে ঘোষণা কৰিছিল তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ।
বিগত বিধানসভা নিৰ্বাচনত ধেমাজিত পৰাজয় বৰণ কৰা চিত্তৰঞ্জন বসুমতাৰীক অসম জাতীয় পৰিষদে মাজুলীত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । উল্লেখ্য যে, মাজুলীৰ এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকে । কংগ্ৰেছে এই আসনখন এৰি দিছে অসম জাতীয় পৰিষদক । সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিৰোধী দলপতিগৰাকীৰ (Debabrat Saikia remarks on Sarbananda Sonowal) ৷
কিন্তু জাতীয় পৰিষদে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছতে শাসকীয় পক্ষই প্ৰাৰ্থীগৰাকীক ‘চালানী’ বুলি কটাক্ষ কৰাৰ পিছত বৃহস্পতিবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উভতি কৰে বিজেপি আৰু মিত্ৰজোঁটক । বিৰোধী দলপতি গৰাকীৰ প্ৰশ্ন, "সৰ্বানন্দ সোণোৱাল কি মাজুলীত চালানী নাছিল নেকি ? গতিকে এনে ধৰণৰ মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসন্মান নকৰাই ভাল’’ ।