নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : দেশজুৰি চমক সৃষ্টি কৰি বৃহস্পতিবাৰৰ ৰাজ্যত আৰম্ভ হ’ল বাল্যবিৱাহৰ বিৰুদ্ধে অভূতপূৰ্ব অভিযান (Assam Drive Against Child Marriage)৷ ইতিমধ্যে প্ৰায় 2300 স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে নাৱালিকাক বিয়া কৰোৱাৰ অপৰাধত ৷ উক্ত স্বামীসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বাল্যবিবাহ নিষিদ্ধ আইনৰ লগতে শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন(POCSO)ৰ আইনৰ অধীনত গোচৰ (Crackdown against child marriage) ৷
ইয়াৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালত ৷ পৰিয়ালসমূহত পৰিছে চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ নেতিবাচক প্ৰভাৱ ৷ তাৎপৰ্যপূৰ্ণভাৱে সন্তানসম্ভৱা মহিলাসকলৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছতে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বহু দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছতে পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালসমূহত ৷
দুৰ্ভাগ্যজনকভাৱে চৰকাৰৰ নাৱালিকাক বিয়া কৰোৱা স্বামীৰ লগতে উক্ত বিয়াত সহযোগিতা আগবঢ়োৱা লোকৰ বিৰুদ্ধে চলোৱা অভিযানৰ মৰ্মান্তিক প্ৰভাৱ পৰিল মানকাচৰত ৷ স্বামীহাৰা এগৰাকী মহিলাই আত্মহত্যাৰ পথ বাচি ল’লে চৰকাৰৰ কঠোৰ সিদ্ধান্তত ভীতিগ্ৰস্ত হৈ (Woman commits suicide due to Anti child marrige drive)৷ দুটা সন্তানৰ মাতৃ তথা স্বামীহাৰা মহিলাগৰাকীয়ে পিতৃক গ্ৰেপ্তাৰৰ আশংকাত বাচি ল’লে চৰম পথ ৷ উল্লেখ্য, সীমা খাতুন ওৰফে খুশবু নামৰ মহিলাগৰাকী কিছু বছৰৰ পূৰ্বে নাৱালিকা অৱস্থাত বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু দুটা বছৰৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল ৷
ইয়াৰ পাছৰে পৰা মহিলাগৰাকী পিতৃগৃহত বাস কৰি আহিছে সন্তান দুটিৰ সৈতে ৷ দুদিন পূৰ্বৰে পৰা ৰাজ্য চৰকাৰে বাল্যবিৱাহ কৰোৱা স্বামী তথা উক্ত বিৱাহত সমৰ্থন জনোৱা লোকক গ্ৰেপ্তাৰৰ অভিযান চলোৱাৰ পাছতে পিতৃকো গ্ৰেপ্তাৰ কৰিব বুলি আতংকিত হৈ আত্মহত্যা কৰিলে মহিলাগৰাকীয়ে ৷