অসম

assam

ETV Bharat / state

Assam PPE Kit controversy: পিপিই কিট বিতৰ্কৰ সন্দৰ্ভত সদন কমিটি গঠনৰ পোষকতা - speaker of Assam assembly

ৰাজ্যৰ লগতে সমগ্ৰ দেশতে অসম চৰকাৰৰ পিপিই কিট ক্ৰয়ৰ বিতৰ্ক চৰ্চাত আছে (Assam PPE Kit controversy)৷ দেওবাৰে এই সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়েও সংবাদমেল আয়োজন কৰি সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (Manish Sisodia accuses Assam CM) ৷ দেওবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল সম্বোধন কৰে পিপিই কিট ক্ৰয়ৰ সন্দৰ্ভত ৷

Assam PPE Kit controversy
পিপিই কিট বিতৰ্কৰ সন্দৰ্ভত সদন কমিটি গঠনৰ পোষকতা

By

Published : Jun 5, 2022, 7:18 PM IST

গুৱাহাটী, ৫ জুন: ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সবাতোতকৈ চৰ্চিত বিষয় হৈ পৰিছে পিপিই কীট ক্ৰয়ৰ বিতৰ্ক (Assam PPE Kit controversy)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিবাৰৰ নাম সাঙোৰ খাই পৰা এই বিতৰ্কক লৈ বিৰোধী সৰৱ হৈ পৰাৰ বিপৰীতে শাসক পক্ষই দিছে স্পষ্টীকৰণ । কৰ'না মহামাৰীৰ সময়ত অসম চৰকাৰে ক্ৰয় কৰা বুলি প্ৰচাৰ হোৱা এই পিপিই কীটক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভত দেওবাৰে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrata Saikia on PPE Kit controversy)।

পিপিই কিট বিতৰ্কৰ সন্দৰ্ভত সদন কমিটি গঠনৰ পোষকতা

বিৰোধী দলপতিগৰাকীয়ে কয় যে, ক'ভিডৰ সময়ত ৰাজ্য চৰকাৰে ক্ৰয় কৰা পিপিই কীটকলৈ উত্থাপন হোৱা দুৰ্নীতি-অনিয়ম সন্দৰ্ভত সেই সময়ত তেওঁ উপ-লোকায়ুক্তৰ ওচৰত অভিযোগ দিছিল । কিন্তু সেই সময়ত তেওঁৰ অভিযোগ কাৰিকৰী কাৰণত গ্ৰহণ কৰা নহ'ল । তেওঁ লগতে কয় যে, সেই সময়ত হোৱা দুৰ্নীতিৰ তথ্য আৰ টি আইযোগে বৰ্তমান পোহৰলৈ আহিছে । গতিকে ইয়াৰ এটা তদন্ত হ'ব লাগে ।

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰক জবাবদিহি কৰাৰ ক্ষেত্ৰত বিধায়কসকলৰ দায়বদ্ধতা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বিৰোধী দলৰ নেতা হিচাপে তেওঁ অসম বিধানসভাৰ অধ্যক্ষক(speaker of Assam assembly) সদন কমিটী গঠনৰ দাবী জনাব (House committee of Assam legislative assembly)। এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই অধ্যক্ষক সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:সাম্প্ৰদায়িক মন্তব্যৰ বাবে সাংসদ নবীন জিন্দালক বিজেপিৰ পৰা নিলম্বন

ABOUT THE AUTHOR

...view details