অসম

assam

ETV Bharat / state

সদনত 'জয় শ্ৰীৰাম' আৰু 'জয় আই অসম' ধ্বনি - Appointment of one lakh youth

প্ৰশ্নকালীন ঘণ্টাত শাসক-বিৰোধীৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত সদন । মূল্যবৃদ্ধি আৰু নিযুক্তিৰ প্ৰসংগক লৈ বিধানসভাত সৰৱ বিৰোধী । বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্রীক মিছলীয়া আখ্যা দিলে অখিল গগৈয়ে (Akhil Gogoi criticizes BJP government)।

assembly session question hours
সদনত 'জয় শ্ৰীৰাম' আৰু 'জয় আই অসম' ধ্বনি

By

Published : Mar 22, 2022, 2:29 PM IST

গুৱাহাটী,২২ মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ(Budget session of Assam Assembly) ৷ ষষ্ঠ দিনা মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰে বিৰোধী । সদনৰ অধ্যক্ষৰ দৃষ্টিগোচৰ কৰি কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে কয় যে, আশংকা কৰাৰ ধৰণেই বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। নিৰ্বাচনৰ পিছত এতিয়া ৰন্ধন গেছকে ধৰি পেট্ৰ’ল-ডিজেল আৰু বিদ্যুতৰ মাছুল বৃদ্ধি কৰিলে চৰকাৰে (Price hike of fuel) ।

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি সদনত বিদ্যুৎ পৰিষদ লাভজনক স্থিতিত থকা বুলি কৈছিল । ইফালে এইক্ষেত্রত সংযোজন কৰি কমলাক্ষ্য দে’ পুৰকায়স্থই কয় যে চৰকাৰে কৰা সকলো ঘোষণা প্ৰকৃততে অসাৰ প্ৰতিপন্ন হৈছে । পেট্ৰ’লজাত সামগ্ৰী, ৰন্ধন গেছ আৰু বিদ্যুতৰ মাচুল বৃদ্ধি উদ্বেগজনক ।

ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ, দৰিদ্ৰ লোক যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব বুলি সদৰি কৰি তেওঁ কয় যে চৰকাৰৰ কথা আৰু কামৰ মাজত মিল নাই । পৌৰসভাত বিজেপিক দিয়া ভোটৰ মূল্য চৰকাৰে মূল্যবৃদ্ধিৰে দিছে বুলি তেওঁ চৰকাৰক কটাক্ষ কৰে । আনহাতে বিৰোধীক প্ৰত্যুত্তৰ দি শাসকীয় পক্ষৰ বিধায়ক দিগন্ত কলিতাই কয় যে ‘‘মূল্যবৃদ্ধি হৈছে সেয়া আমি স্বীকাৰ কৰিছো । ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীয়ে নিশ্চয় ব্যৱস্থা ল'ব’’ ।

তেওঁ কয় যে ‘‘মুখ্যমন্ত্ৰীৰ ৯ মাহহে হৈছে অলপ সময় দিয়ক। উৎপাদনশীলতা কমা নাই, বৰঞ্চ বৃদ্ধিহে পাইছে । ইফালে প্ৰশ্নকালীন ঘণ্টাতে সদনত এক লাখ নিযুক্তিৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে বিধায়ক আশ্ৰাফুল হুছেইনে’’ ।

বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, এক লাখ নিযুক্তি দিয়া হ'ব আৰু অতি সোনকালে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব (Appointment of one lakh youth)। ইফালে এইক্ষেত্রত সংযোজন ঘটাই সদনত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে ‘‘২৩ লাখ নিযুক্তি দিম বুলি কোৱা চৰকাৰখনে এতিয়া এক লাখকে দিব নোৱাৰে’’।

বিজেপি ফাঁকিৰ চৰকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ‘‘প্ৰধানমন্ত্ৰীয়ে মিছা কথা কয় । মুখ্যমন্ত্ৰীৰ কথা নকওঁ, বিজেপি মিছলীয়া চৰকাৰ । প্ৰধানমন্ত্ৰী মিছলীয়া আৰু মুখ্যমন্ত্ৰীও মিছলীয়া’’ । অখিল গগৈয়ে প্ৰধানমন্ত্রীৰ প্ৰসংগ উত্থাপন কৰাৰ লগে লগে শাসকীয় দলৰ বিধায়কসকল সৰৱ হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । প্ৰশ্নকালীন ঘণ্টাত শাসক-বিৰোধীৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমনক কেন্দ্ৰ কৰি সদন বহু সময় উত্তপ্ত হৈ থাকে । তাৰে মাজতে সদনত শাসক-বিৰোধীয়ে 'জয় শ্ৰীৰাম' আৰু 'জয় আই অসম' ধ্বনি দিয়ে ।

লগতে পঢ়ক:খেৰণিত নাবালিকা ধৰ্ষণকাৰীক এনকাউন্টাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details