গুৱাহাটী, 18 মাৰ্চ :বিত্তমন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰা বাজেট সম্পৰ্কত শুকুৰবাৰে বিধানসভাৰ পিছবেলাৰ কাৰ্যসূচী অনুযায়ী বাজেটৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হয় (Debate on state budget 23-24) । বিতৰ্কত শাসক আৰু বিৰোধী বিধায়কসকলে অংশ গ্ৰহণ কৰে । বিৰোধী বিধায়কসকলৰ তৰফৰ পৰা কংগ্ৰেছৰ বিধায়ক ভৰত নৰহ, কমলাক্ষ দে পুৰকায়স্থ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলাম, আশ্ৰাফুল হুছেইন আদিয়ে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰে । বিৰোধী বিধায়কসকলে বাজেটখন লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা বুলি অভিযোগ কৰে (2023 24 state budget an election centric budget) ৷
বিধায়ক ভৰত নৰহে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি কয় যে বাজেটত ধাৰ্য্য কৰা 50 শতাংশ আঁচনি অনুৎপাদনশীল (Opposition party on ongoing budget) । বাজেটক পুৰণা বটলত নতুন মদ বুলি ভৰত নৰহে অভিহিত কৰি কয় যে বাজেটখন লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে । হিতাধিকাৰীৰ মকৰাজালেৰে প্ৰস্তুত কৰা এখন বাজেট বুলি তেওঁ কয় । ইপিনে এ আই ডি এফৰ বিধায়ক আমিনুল ইছলামে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি কয় যে বাজেটখনত শিক্ষাৰ জৰীপৰ কোনো কথা উল্লেখ নাই । নতুন শিক্ষানুষ্ঠান নিৰ্মাণৰ কোনো কথা উল্লেখ নাই ।
এ আই ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি কয় যে বাজেটখন এখন নিৰ্বাচনক কেন্দ্ৰীক বাজেট । ইপিনে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পৃথ্বিৰাজ ৰাভা, ফনীধৰ তালুকদাৰ, আদিয়ে বাজেটক এখন উন্নয়নমূলক বাজেট বুলি প্ৰশংসা কৰে ।