গুৱাহাটী, ১৯ জুন : মাইক্ৰ'ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মা(DR. HIMANTA BISWA SARMA)ই নিৰ্বাচনী সভাত দিয়া ভাষণ মাথোঁ এটা "ৰাজনৈতিক বিবৃতি আছিল, কোনো চৰকাৰী বিবৃতি" নহয় বুলি কৰা মন্তব্য অত্যন্ত নিন্দনীয় । এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰাতো মুঠেও গ্ৰহণযোগ্য নহয় বুলি কৈ সমালোচনা কৰে ।
তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেৱল ঋণ ৰেহাইক এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশ্বাস দিছিল যে মহিলা সকলক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে পালন কৰা হ'ব । গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা 'ৰাজনৈতিক বিবৃতি' হৈ পৰিল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । পুনৰ নিৰ্বাচনৰ পূৰ্বৰ সময়ৰ কথা দোহাৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে, মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা লাখ লাখ মহিলাই ভাল দিন অহাৰ আশাত বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত হৈছিল আৰু তেতিয়াৰ বিত্ত মন্ত্ৰীগৰাকীৰ আশ্বাসক 'শিলৰ ৰেখা' বুলি বিশ্বাস কৰিছিল ।
কিন্তু সেই সময়ত ঋণ ৰেহাই ক্ষেত্রত কিছুমান নিৰ্দেশনা প্ৰযোজ্য হ'ব বুলি এই মহিলাসকলক অৱগত কৰা হোৱা নাছিল । এতিয়া এই নিৰ্দেশনাসমূহৰ ফলত লাখ লাখ মহিলা এই সুবিধাৰ পৰা বঞ্চিত হ'ব বুলি তেওঁ মন্তব্য কৰে । বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়েই ক্ষমতা আহৰণ কৰি আহিছে বুলি অভিযোগ তুলি তেওঁ কয় যে, ভোটাৰসকলে প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত ১৫ লাখ টকাৰ সোমাব বুলি গেৰুৱা দলটোৱে দিয়া প্ৰতিশ্ৰুতি পাহৰিব নালাগে । তেনেদৰে নিবনুৱা যুৱক-যুৱতীসকলেও বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি পাহৰিব নালাগে ।