অসম

assam

ETV Bharat / state

#Budget2022: কেন্দ্ৰীয় বাজেট সম্পৰ্কত অৰ্থনীতিবিদৰ মতামত

মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে কেন্দ্ৰীয় বাজেট (Economists opinion on central budget)। এই বাজেট সন্দৰ্ভত বাজেটখনৰ সম্পৰ্কত ৰাজ্যৰ কেইজনমান অৰ্থনীতিবিদৰ মতামত...

Budget2022
কেন্দ্ৰীয় বাজেট সম্পৰ্কত অৰ্থনীতিবিদৰ মতামত

By

Published : Feb 1, 2022, 9:02 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট । বাজেটত পৰৱৰ্তী বিত্তীয় বৰ্ষত অৰ্থনৈতিক বিকাশ ৯.২ শতাংশ হ’ব বুলি আশা কৰা হৈছে । পূৰ্বৰ দৰে এইবাৰ কেন্দ্ৰীয় বাজেটত দেশৰ কোনো ৰাজ্যৰ বাবে নিদিষ্ট কোনো বিশেষ পেকেজ তথা ধন দিয়াৰ কথা উল্লেখ কৰা নাই । কিন্তু উত্তৰ পূবৰ মহিলা আৰু যুবক-যুৱতীৰ বিকাশৰ বাবে ১৫ শ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে ।

তদুপৰি আগন্তুক মণিপুৰ আৰু ত্ৰিপুৰাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়ণ কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ অধিক গতিশীল কৰাত গুৰুত্ব দিছে । বাজেটখনৰ সম্পৰ্কত ৰাজ্যৰ কেইজনমান অৰ্থনীতিবিদৰ মতামত ই টি ভিৰ ভাৰতৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে (Economists opinion on central budget)। বাজেট সম্পৰ্কত Federation of Industry & Commerce of North Eastern Region (FINER)ৰ অধ্যক্ষ আৰ এছ যোশীয়ে কয় যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেটখন বৰ্তমান পৰিস্থিতি সাপেক্ষে আত্মবিশ্বাসী আৰু ইতিবাচক বাজেট । বাজেটখন ক’ভিডকালীন অৰ্থনীতিক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে । আন্তঃগাথঁনিৰ উন্নয়ন, গৃহ নিৰ্মাণ, সামাজিক উদেশ্য আগত ৰাখি বাজেটখন প্ৰস্তুত কৰা হৈছে ।

কেন্দ্ৰীয় বাজেট সম্পৰ্কত অৰ্থনীতিবিদৰ মতামত

কেন্দ্ৰীয় বাজেটখন এখন দীৰ্ঘম্যাদী বাজেট বুলি উল্লেখ কৰি Federation of Industry & Commerce of North Eastern Region (FINER)ৰ অধ্যক্ষ আৰ এছ যোশীয়ে কয় যে, বাজেটখনত Digitise ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । বাজেট সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা বিশিষ্ট অৰ্থনীতিবিদ এ পি বেজবৰুৱাই কয় যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে কেন্দ্ৰীয় বাজেটখন আঞ্চলিক ৰাজনীতিক গুৰুত্ব দি প্ৰস্তুত কৰা নাই । সমগ্ৰ দেশৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব দি বাজেটখন প্ৰস্তুত কৰা হৈছে । আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিছে । উৎপাদন খণ্ডত তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধিত গুৰুত্ব দিছে । জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্ব দিছে । কিন্তু এই কামবোৰ কৰাৰ বাবে চৰকাৰৰ ঋণৰ বোজা বাঢ়িব । দেশত মুদ্ৰাস্ফিতী বাঢ়ি আছে। ইয়াৰ ফলত আৰু মুদ্ৰাস্ফিতী বাঢ়িব। দেশত যোৱা দুবছৰত কৃষি উৎপাদন ভাল হোৱাৰ বাবে চৰকাৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি এনেধৰণৰ বাজেট প্ৰস্তুত কৰিছে বুলি তেওঁ কয় ।

কেন্দ্ৰীয় বাজেট সম্পৰ্কত অৰ্থনীতিবিদৰ মতামত

আনহাতে বাজেট সম্পৰ্কত কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক গৌতম মজুমদাৰে কয় যে, বাজেটখন দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰিছে । বাজেটত উল্লেখ কৰা মতে পৰ্বতমালা আচঁনিৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হ'ব ।

লগতে পঢ়ক:#Budget2022: বাজেটখনৰ সুৰ আৰু ছন্দ ভাল যদিও বাস্তৱমুখী নহয় : ভূপেন বৰা

ABOUT THE AUTHOR

...view details