গুৱাহাটী, 1 মাৰ্চ: বুধবাৰৰ পৰা আৰম্ভ হ’ল পৰিবহন বিভাগৰ অপাৰেশ্যন ছাৰখাৰ 2.0 অভিযান (Operation Sarkhar) ৷ যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধৰ বাবে বিগত 31 জানুৱাৰীলৈ চূড়ান্ত সময়সীমা ঘোষণা কৰিছিল পৰিবহন বিভাগে ৷ কিন্তু বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ লগতে বিভাগীয় নিৰ্দেশনাক অৱমাননা কৰি গুৱাহাটী মহানগৰীতে কেইবাকোটি টকাৰ যানবাহন কৰ আদায় নিদিয়াকৈ বহু ব্যক্তিগত বিলাসী বাহনৰ লগতে বিভিন্ন ব্যৱসায়িক যানবাহন চলাই আছে (Operetaion Sarkhar in Guwahati) ৷
যান-বাহনৰ যাৱতীয় কৰ আৰু নথি পত্ৰ নৱীকৰণ নকৰি ৰাজপথত চলাচল কৰি থকা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে আৰম্ভ কৰিছে এই ‘অপাৰেশ্যন ছাৰখাৰ 2.0’ । যোৱা দিনবোৰত যিসমূহ যান-বাহনে যাৱতীয় নথি-পত্ৰ নৱীকৰণ নকৰাৰ লগতে কৰ-কাটল আদায় নিদি সম্পূৰ্ণ অনিয়মভাৱে ৰাজপথত চলি আছে সেইসমূহক উচিত শিক্ষা দিবলৈ পৰিবহন বিভাগে ৰাজপথত আৰম্ভ কৰিছিল ‘অপাৰেশ্যন কুৰুক্ষেত্ৰ’ (Operation Kurukshetra)।
অসম চৰকাৰৰ পৰিবহন বিভাগৰ (Transport department of Assam) উদ্যোগত অসমৰ বিভিন্ন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাতো ‘অপাৰেশ্যন ছাৰখাৰ 2.0’ নামেৰে বুধবাৰৰ পৰা ব্যাপক অভিযান চলাই থকা হৈছে । সেয়েহে আজি ‘অপাৰেশ্যন ছাৰখাৰ 2.0’ অংশ স্বৰূপে মহানগৰীৰ খানাপাৰাত জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত পৰিবহন বিভাগৰ এটা বৃহৎ দলে অভিযান চলাই অভিযানকালত কেইবাখনো বাহন জব্দ কৰাৰ লগতে জৰিমনা বিহি যানবাহন আইনৰ অধীনত বিভিন্ন গোচৰ ৰুজু কৰিছে ।