অসম

assam

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ১৩ টা ঘাটি ধ্বংস

By

Published : Jul 13, 2021, 10:42 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMNTA BISWA SARMA) ঘোষণাৰ পাছতে আৱকাৰী বিভাগে (EXCISE DEPARTMENT) ৰাজ্যজুৰি চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে । গুৱাহাটীতো মহানগৰীতো (GUWAHATI CITY) চলিছে ব্যাপক অভিযান ।

MALIGAON POLICE
গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ১৩ টা ঘাটি ধ্বংস

গুৱাহাটী, ১৩ জুলাই : চুলাই মদৰ ঘাটিবোৰৰ পৰা কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পিছতে আৰু অধিক তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন (POLICE AND ADMINISTRATIONS) আৰু আবকাৰী বিভাগ । উল্লেখ যে, দুদিন পূৰ্বে মুখ্যমন্ত্রীয়ে সংবাদমেল যোগে ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ঘাটিবোৰত হোৱা সুৰাপায়ীৰ ভীৰ আৰু সেই ভীৰৰ পৰা ক'ভিডৰ সংক্ৰমণ (COVID) হোৱা বুলি উল্লেখ কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে ।

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ১৩ টা ঘাটি ধ্বংস

গুৱাহাটীতো মহানগৰীতো চলিছে ব্যাপক অভিযান । আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ-আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ (MOUSUMI KOWAR) নিৰ্দেশত গুৱাহাটী সদৰ আৰু পাণ্ডু আৱকাৰী চক্ৰই আজি মালিগাঁও আৰক্ষী (MALIGAON POLICE )চকীৰ সহযোগত পাহাৰীয়া অঞ্চল ক্ৰমে আদিংগিৰি, মিঠা আমৰতল আৰু কালিখোলা চুলাই মদৰ ঘাটীত এক বৃহৎ অভিযান চলায় । অভিযান কালত চুলাই মদ প্ৰস্তুত কৰা ১৩ টা ভাটী ধ্বংস কৰা হয়

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ১৩ টা ঘাটি ধ্বংস

এই অভিযানত কোনো লোককে আটক হোৱা নাই যদিও প্ৰায় ৮৬০ লিটাৰ চুলাই মদ, ১৪,৩০০ কেজিৰো অধিক চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত পাছ আৰু ১৭ টা বৃহৎ ড্ৰাম, ৪৫ টা বিভিন্ন সা-সঁজুলি জব্দ কৰা হয় । আনহাতে, ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষী (Assam Police)য়ে প্ৰতিখন জিলাতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে দৈনিক অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ মাজতে অবৈধ ড্ৰাগছ ব্যৱসায়ীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিবলৈ প্ৰতিদিনেই ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ১৩ টা ঘাটি ধ্বংস

ৰাজ্যত জাৰি কৰা লক ডাউনৰ মাজতে এনেদৰে অবৈধ নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলি থকা ঘটনাসমূহে আচম্বিত কৰি তুলিছে সচেতন জনতাক ৷ উক্ত ড্ৰাগছ ব্যৱসায়ত পুৰুষৰ সমান্তৰালকৈ মহিলাও জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে পুৰুষৰ লগতে বহুকেইগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীকো আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ভয়ংকৰ : অসমৰ যুৱক-যুৱতীক দিল্লীলৈ নি ৰূপান্তৰ কৰা হয় কিন্নৰলৈ !

ABOUT THE AUTHOR

...view details