গুৱাহাটী,১০ জুন : ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ চিকিৎসা খণ্ডত নতুন সংযোজন ঘটাই বৃহস্পতিবাৰৰ পৰা মুকলি হ'ল এখন অত্যাধুনিক ক'ভিড চিকিৎসালয় । সৰুসজাই ষ্টেডিয়ামত নিৰ্মাণ কৰা চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০খন বিছনাযুক্ত ক'ভিড হাস্পতাল দেশৰ প্ৰতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ(DRDO) সহযোগত নিৰ্মাণ কৰা ক'ভিড চিকিৎসালয়খন ৩০০ খন বিচনাযুক্ত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন চিকিৎসালয়ৰূপে স্বীকৃত এইখন চিকিৎসালয়ত অক্সিজেনৰ সুবিধাৰ সৈতে ২০০ খন বিচনাযুক্ত সাধাৰণ ৱাৰ্ড আছে । তদুপৰি ভেণ্টিলেটৰ/মনিটৰৰ সৈতে আছে ১০০খন আইচিইউযুক্ত বিচনা(ICU BED)। লগত আছে নাৰ্চিং ষ্টেচন (Nursing Station)।
মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০খন বিছনাযুক্ত ক'ভিড হাস্পতাল আনহাতে প্ৰশাসনীয় আৰু আৱাসিক এলেকাত সংলগ্ন হৈ আছে গৱেষণাগাৰ, ফাৰ্মাচী, এক্সৰে(x-ray) কক্ষ, আল্ট্ৰাচ'ন'গ্ৰাফি(Ultrasonography) আৰু ইচিজি(ECG) কক্ষ । সেইদৰে আছে ডফিং জ'ন (Doffing Zone) আৰু শৱগৃহ (Morgue)। মুঠ ২১,৪৬,৫৬,৬২০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়খনত অত্যাধুনিক চিকিৎসা সঁজুলি থকাৰ উপৰি বিশেষজ্ঞ চিকিৎসকে সেৱা প্ৰদান কৰিব ।
মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০খন বিছনাযুক্ত ক'ভিড হাস্পতাল মাত্ৰ ২০ দিনৰ ভিতৰত নিৰ্মাণ কৰি তোলা এইখন চিকিৎসালয় ৰাজ্য চৰকাৰৰ এমহীয়া কাৰ্যকালত ৰাইজলৈ উচৰ্গা কৰা হয় । চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপৰিও মুখ্য সচিব জিষ্ণু বৰুৱা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, DRDO ৰ কাৰ্যবাহী সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ(NHM) সঞ্চালক, কামৰূপ(ম) জিলা উপায়ুক্ত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে ।
লগতে পঢ়ক:ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিহিং পাটকাইলৈ: উৎফুল্লিত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী