অসম

assam

ETV Bharat / state

দুজন চিকিৎসকৰে চলিছে মহানগৰীৰ এখন চিকিৎসালয়

স্ত্ৰী আৰু প্ৰসূতি বিভাগ আছে যদিও চিকিৎসকৰ অভাৱত তলা ওলমিছে দুৱাৰত ৷ প্ৰসূতিসকলে যাব লগা হয় অন্য চিকিৎসায়লৈ ৷ চিকিৎসকে ছুটী ল’লে ফাৰ্মাচিষ্টেই চাব লগা হয় ৰোগী ৷

দুজন চিকিৎসকৰে চলিছে মহানগৰীৰ এখন চিকিৎসালয়

By

Published : Jul 8, 2019, 9:00 PM IST

গুৱাহাটী, 8 জুলাই : এজন এম বি বি এছ চিকিৎসক আৰু এজন আয়ুৰ্বেদিক চিকিৎসকৰে চলিছে মহানগৰীৰ এখন চিকিৎসালয় ৷ সাতগাঁৱৰ "নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’’ই উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পুতৌ লগা ছবি ৷ চিকিৎসালয়খনত 30 খন বিছনাযুক্ত স্ত্ৰী আৰু প্ৰসূতি বিভাগ আছে যদিও চিকিৎসকৰ অভাৱত তলা ওলমিছে দুৱাৰত । উৰ্দ্ধতম বিষয়াক বাৰে বাৰে আপত্তি কৰি আহিছে যদিও এইক্ষেত্ৰত কোনো ফল ধৰা নাই বুলি ক’লে কৰ্মৰত চিকিৎসক গাৰ্গী মালাকাৰে । বৰ্তমান স্বাস্থ্য কেন্দ্ৰটোক লৈ বিভাগটোৱে গুৰুত্ব নিদিয়াৰ বাবে অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে বুলি উল্লেখ কৰে ৰাইজে । প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবেই প্ৰসূতিসকলে অন্য চিকিৎসায়লৈ যাব লগা হয় ৷ চিকিৎসকে ছুটী ল’লে ফাৰ্মাচিষ্টেই চাব লগা হয় ৰোগী । এতিয়া এনেদৰেই চলিছে ৰাজ্যৰ একাংশ চিকিৎসালয় ৷

দুজন চিকিৎসকৰে চলিছে মহানগৰীৰ এখন চিকিৎসালয়

For All Latest Updates

ABOUT THE AUTHOR

...view details