গুৱাহাটী, ১৯ অক্টোবৰঃ ক'ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষৰ পৰা অনলাইন ক্লাছৰ ওপৰতে নিৰ্ভৰ কৰিছিল শৈক্ষিক ব্যৱস্থা । কিন্তু অসমত বাস্তৱ ক্ষেত্ৰত কিমান ফলপ্ৰসু হৈছিল অনলাইন শিক্ষা ? কাৰণ প্ৰযুক্তিগত ভাৱে অসম এতিয়াও বহু পিছপৰি আছে । তেনেস্থলত অনলাইন শিক্ষা ব্যৱস্থাই প্ৰায় সংখ্যক শিক্ষাৰ্থীকে সামৰি ল'ব পৰা নাই । এই কথা কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা শেহতীয়া এক সমীক্ষাতো প্ৰকাশ পাইছে ।
অসমৰ মাত্র ১২.৭ শতাংশ বিদ্যালয়তহে আছে কম্পিউটাৰ আৰু ৫.৮২ শতাংশত আছে ইণ্টাৰনেট সমীক্ষা মতে, তথ্য-প্ৰযুক্তি আৰু ইণ্টাৰনেট ব্যৱস্থা জীৱন-যাত্ৰাৰ অবিচ্ছেদ্য অংগ হৈ পৰা একবিংশ শতিকাত কম্পিউটাৰ আৰু ইণ্টাৰনেট সংযোগৰ পৰা বিচ্ছিন্ন অসমৰ অধিকসংখ্যক বিদ্যালয় । ২০১৯-২০ শিক্ষা বৰ্ষৰ প্ৰতিবেদনত উল্লেখ পোৱা মতে, অসমৰ মুঠ বিদ্যালয়ৰ ভিতৰত মাত্ৰ ১২.৭ শতাংশ বিদ্যালয়তহে আছে কম্পিউটাৰৰ সুবিধা । আনহাতে ৫.৮২ শতাংশ বিদ্যালয়ত আছে ইণ্টাৰনেট সংযোগ । সমগ্ৰ দেশত ৩৭ শতাংশ বিদ্যালয়ত কম্পিউটাৰৰ সুবিধা থকাৰ বিপৰীতে এই ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থিতি সকলোতকৈ দুখলগা ।
অসমৰ মাত্র ১২.৭ শতাংশ বিদ্যালয়তহে আছে কম্পিউটাৰ আৰু ৫.৮২ শতাংশত আছে ইণ্টাৰনেট একেদৰে বিদ্যালয়ত ইণ্টাৰনেট সংযোগ থকাৰ ক্ষেত্ৰটো অসমৰ অৱস্থা শোচনীয় । লক্ষণীয়ভাৱে কম্পিউটাৰ আৰু ইণ্টাৰনেট ব্যৱস্থাৰ সুবিধা উপলব্ধ হোৱা বিষয়টোৰ ক্ষেত্ৰত ৰাজ্যখনত চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত বিদ্যালয়ৰ স্থিতি যথেষ্ট উন্নত । প্ৰতিবেদনত উল্লেখ পোৱা অনুসৰি, অসমত ব্যক্তিগত খণ্ডৰ ৪৩ শতাংশ বিদ্যালয়ত কম্পিউটাৰৰ সুবিধা থকাৰ বিপৰীতে ২৬.৪৬ শতাংশ বিদ্যালয়ত ইণ্টাৰনেট সংযোগ আছে ৷
অসমৰ মাত্র ১২.৭ শতাংশ বিদ্যালয়তহে আছে কম্পিউটাৰ আৰু ৫.৮২ শতাংশত আছে ইণ্টাৰনেট আনহাতে চৰকাৰী বিদ্যালয় সমূহৰ ক্ষেত্ৰত মাত্ৰ ১১.৪৪ শতাংশ বিদ্যালয়ত কম্পিউটাৰৰ সুবিধা থকাৰ বিপৰীতে ৪.৩২ শতাংশ বিদ্যালয়তহে ইণ্টাৰনেট সংযোগ আছে । প্ৰতিবেদনত উল্লেখ পোৱা মতে, ৰাজ্যখনত মুঠ ৬৫,৯০ খন বিদ্যালয় আছে আৰু ইয়াৰ ভিতৰত ৪৭,১৫৭ খন চৰকাৰী, ৫,০২৪ খন চৰকাৰী সাহায্যপ্ৰাপ্ত, ৬,১৭৫৪খন বেচৰকাৰী আৰু ৭,৬৫২ খন অন্যান্য বিদ্যালয় ।
লগতে পঢ়কঃ পানবাৰী মছজিদৰ পৰিচালনা সমিতিক লৈ দুই সংগঠনৰ মাজত খণ্ড-যুদ্ধ