অসম

assam

ETV Bharat / state

HSLC Exam : ২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ - seba announces date for online form submission

ছেবা(SEBA)ই জাৰি কৰা জাননী অনুসৰি ২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকেল অনলাইন মাধ্যমত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব ৷ ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীকলে প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰিব ৷ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম থকা ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাই ৷

HSLC Exam
HSLC Exam

By

Published : Nov 16, 2021, 2:18 PM IST

গুৱাহাটী, 16 নৱেম্বৰ :অসম মাধ্যমিক শিক্ষা পৰিষদ(Board of Secondary Education Assam) চমুকৈ ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ৷ ছেবাই জাৰি কৰা জাননী অনুসৰি, ২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকলে অনলাইন মাধ্যমত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব ৷

২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ

অনলাইন মাধ্যমত প্ৰ-পত্ৰ পূৰণৰ বাবে ছেবাই মুকলি কৰিছে এটা পৰীক্ষা প’ৰ্টেল(Exam Portal) ৷ সেই অনুসৰি ছেবাৰ Sebaregitratio.in প’ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ৷ ইফালে ছেবা(SEBA)ই জাৰি কৰা অধিসূচনা অনুসৰি ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীকলে প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰিব ৷

অধিসূচনা অনুসৰি প্ৰ-পত্ৰ পূৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল ৬৫০ টকা, পৰীক্ষা কেন্দ্ৰৰ মাচুল ৩০০ টকা, প্ৰেক্টিকেল পৰীক্ষাৰ মাচুল ১৫০ টকা আদায় দিব লাগিব ৷

আনহাতে, প্ৰতিখন শিক্ষানুষ্ঠানে আদায় দিবলগীয়া বাৰ্ষিক মাচুল হ’ল ৮০০ টকা ৷ অৱশ্যে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাচুল ৰেহাই দিয়া হৈছে ৷ যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে ৷ অৱশ্যে এইসকল ছাত্ৰ-ছাত্ৰীয়ে নৱম শ্ৰেণীত ৰোপণ কৰা গছৰ পুলিৰ ফটো আপলোড কৰিব লাগিব ৷

লগতে চাওক:ৰাঘৱ জুয়ালৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details