গুৱাহাটী, ৩ আগষ্ট : উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । ইয়াৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ‘দৰ্পণ’ (DARPAN) নামৰ এটা অনলাইন নামভৰ্তি প’ৰ্টেল মুকলি কৰিছে । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব ।
অনলাইন পদ্ধতিৰে প’ৰ্টেলটোলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব বিচৰা শিক্ষানুষ্ঠানখনো বাচনি কৰিব পাৰিব । যিবোৰ শিক্ষানুষ্ঠানৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৈধ ক’ড আছে সেইবোৰ শিক্ষানুষ্ঠানে নিজৰ নিজৰ শিক্ষানুষ্ঠানসমূহৰ বিষয়ে প’ৰ্টেলটোত আপডেট কৰিব লাগিব ।
নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ 'দৰ্পণ' পোৰ্টেল মুকলি দৰ্পণ প’ৰ্টেলত শিক্ষানুষ্ঠানসমূহে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ বিষয়ে অন্তৰ্ভূক্ত কৰাৰ পাছত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ১১ আগষ্টৰ পৰা ২৫ আগষ্টৰ ভিতৰত www.darpan.ahseconline.in আৰু www.ahsec.assam.gov.in এই দুটা ৱেবচাইটলৈ গৈ নামভৰ্তিৰ বাবে নিজৰ নিজৰ আবেদনসমূহ কৰিব পাৰিব ।
২০২১ বৰ্ষৰ ছেবাই ঘোষণা কৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলেহে এই অনলাইন নামভৰ্তি পদ্ধতিযোগে আবেদন কৰিব পাৰিব । এইক্ষেত্ৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছেবাৰ বাহিৰে অন্যান্য শিক্ষা ব’ৰ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে পাৰম্পৰিক পদ্ধতিৰে আবেদন কৰিব লাগিব ।
লগতে পঢ়ক :উত্তীৰ্ণৰ অভিলেখ : শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব !