গুৱাহাটী, 17 জুন : ব্যতিক্ৰমী নাট্যশৈলীৰে নাটকৰ সম্পৰীক্ষা অব্যাহত ৰখা অসমৰ এমুঠিমান বিশিষ্ট নাট্যকৰ্মীৰ ভিতৰত অন্যতম এগৰাকী হৈছে ৰবিজিতা গগৈ (Rabijita Gogoi) । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD)ৰ স্নাতক ৰবিজিতা গগৈয়ে ইতিমধ্যে ভিন্ন শৈলীৰে নাটকৰ ধাৰা আগবঢ়াই নিয়াই নহয়, নতুন প্ৰজন্মক নাট্যশিল্পৰ প্ৰতি আকৰ্ষিত কৰিবলৈও সক্ষম হৈছে । ৰবিজিতা গগৈৰ নেতৃত্বত আৰু এদল অক্লান্ত নাট্যকৰ্মীৰ প্ৰচেষ্টাত জন্ম হোৱা ‘জিৰছং থিয়েটাৰ’ (Jirsong Theatre) অসমৰ অপেচাদাৰী নাট্যগোষ্ঠীসমূহৰ মাজত এক পৰিচিত নাম ।
শেহতীয়াকৈ জিৰছং থিয়েটাৰে নাটক ভাল পোৱা এদল কণমানি আৰু চেমনীয়াক লৈ আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰয়াস । ইয়াৰ নেতৃত্বত আছে ৰবিজিতা গগৈ আৰু বিশিষ্ট নাট্যকৰ্মী কৈলাশ দাস ( Kailash Das) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ এইসকল শিশুক লৈ জিৰছং থিয়েটাৰে অব্যাহত ৰাখিছে অনলাইন নাট্য কৰ্মশালা (Online Drama Workshop) । এই কৰ্মশালাত যে কেৱল অভিনয়ৰে শিক্ষা দিয়া হৈছে তেনে নহয় । শিশুসকলৰ ব্যক্তিত্ব বিকাশৰ পৰা আৰম্ভ কৰি কণ্ঠস্বৰৰ অনুশীলন, কাহিনী পৰিবেশনৰ কৌশল, সংলাপ প্ৰক্ষেপন, অংগ সঞ্চালনলৈকে সকলো সামৰি পাঠদান কৰা হৈছে অনলাইনযোগে ।