অসম

assam

ETV Bharat / state

চেঞ্চুৰী মৰাৰ দিশে পিয়াঁজ - ৰাজ্যত অনিয়ন্ত্ৰিত পিয়াঁজৰ মূল্য

পিয়াঁজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

ৰাজ্যত পিয়াঁজৰ মূল্য

By

Published : Nov 11, 2019, 7:15 PM IST

Updated : Nov 11, 2019, 7:34 PM IST

গুৱাহাটী 11 নৱেম্বৰঃ ৰাজ্যত অনিয়ন্ত্ৰিত পিয়াঁজৰ মূল্য ৷ ব্যৱসায়ীয়ে প্ৰতি কেজি পিয়াঁজ বজাৰত 70-75 টকা দৰত বিক্ৰী কৰাৰ অভিযোগ গ্ৰাহকৰ ৷ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে প্ৰতি কেজি পিয়াঁজ 66 টকাত বিক্ৰী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল যদিও মন্ত্ৰীগৰাকীৰ নিৰ্দেশক কেৰেপ নকৰে একাংশ খচুৰা ব্যৱসায়ীয়ে ৷ আকৌ সাংবাদিকৰ কেমেৰা দেখিলেই প্ৰতি কেজি পিয়াঁজ 66 টকাত বিক্ৰী কৰাৰ কথা কয় ব্যৱসায়ীয়ে সকলে ৷

বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য

লগতে পঢ়কঃতুলসী গছে খালে পানী : কাৰোবাৰ মতে তুলসী দেৱী আৰু আন কাৰোবাৰ মতে অন্ধবিশ্বাস

ইপিনে, পিয়াঁজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ অসমত পিয়াঁজৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে খেতিয়ক ৰাইজক আহ্বান বিধায়কগৰাকীৰ ৷

Last Updated : Nov 11, 2019, 7:34 PM IST

ABOUT THE AUTHOR

...view details