অসম

assam

By

Published : Feb 19, 2022, 1:02 PM IST

Updated : Feb 19, 2022, 4:55 PM IST

ETV Bharat / state

সীমান্তত খনন : অসম-নাগালেণ্ড সীমান্তত তেল উৎপাদনৰ বাবে সাজু অ' এন জি চি

অসম-নাগালেণ্ডৰ কেইবাটাও সীমান্তৱৰ্তী অঞ্চলত আগন্তুক মাৰ্চ মাহৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ খনন আৰু উৎপাদনত নামিবলৈ সাজু হৈছে অ' এন জি চি (ONGC to drill oil in Assam Nagaland border) ।

ONGC to start drilling oil in Assam Nagaland border
সীমান্তত খনন : অসম-নাগালেণ্ড সীমান্তত তেল উৎপাদনৰ বাবে সাজু অ' এন জি চি

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতে চলি থকা অসমৰ সীমা বিবাদ নতুন কথা নহয়( Assam Nagaland border dispute ) । প্ৰায় তিনি দশকজুৰি এই বিবাদ চলি আহিছে যদিও আজিকোপতি ইয়াৰ সমাধানসুত্ৰ ওলোৱা নাই । দুয়োখন ৰাজ্যৰ সীমামূৰীয়া বহু অঞ্চলক লৈ এতিয়াও স্থানীয় ৰাইজ সন্দিহান, প্ৰকৃততে সেই অঞ্চলসমূহ হয় কাৰ ! অসমৰ নে নাগালেণ্ডৰ ? দুয়োপক্ষই তেনে বহু বিবদমান অঞ্চল সুদীৰ্ঘ সময়জুৰি নিজৰ বুলি দাবী কৰি আহিছে ।

সময়ে সময়ে সংঘটিত হৈ আহিছে হিংসাত্মক পৰিস্থিতিও । এনে এক অৱস্থাৰ মাজতেই অসম-নাগালেণ্ডৰ কেইবাটাও এনে সীমান্তৱৰ্তী অঞ্চলত আগন্তুক মাৰ্চ মাহৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ খনন আৰু উৎপাদনত নামিবলৈ সাজু হৈছে অ' এন জি চি (ONGC) । এনে সীমান্তৱৰ্তী অঞ্চলসমূহত তৈল খনন চলাবলৈ ইতিমধ্যে সেউজ সংকেত দিছে নাগালেণ্ড চৰকাৰে(Green signal for ONGC) ।

সীমান্তত খনন : অসম-নাগালেণ্ড সীমান্তত তেল উৎপাদনৰ বাবে সাজু অ' এন জি চি

মন কৰিবলগীয়া বিষয় এয়ে যে, অসম-নাগালেণ্ড সীমান্তৰ খড়াগঢ়া, নামবৰ, খোৰাঘাট আদি অঞ্চলত পূৰ্বতেও অ' এন জি চিয়ে(ONGC) তেল আৰু প্ৰাকৃতিক গেছৰ খনন চলাইছিল । কিন্তু নাগালেণ্ড চৰকাৰে কিন্তু নাগালেণ্ড চৰকাৰে হঠাৎ এক অদ্ভুত দাবী উত্থাপন কৰিছিল যে সীমান্তৱৰ্তী সেই অঞ্চল সমূহ নাগালেণ্ডৰ । গতিকে সেই অঞ্চলত খনন চলোৱাৰ বাবে অ' এন জি চিয়ে নাগালেণ্ড চৰকাৰক ৰয়েল্টি দিব লাগিব । নাগালেণ্ড চৰকাৰৰ এনে দাবীৰ বাবে বিগত সুদীৰ্ঘ দিন ধৰি তেনে সীমামূৰীয়া অঞ্চলসমূহত খনন বন্ধ ৰাখিছিল অ' এন জি চিয়ে (ONGC)।

প্ৰাপ্ত তথ্য মতে, শেহতীয়াকৈ এই সমস্ত বিষয়টোত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিছে । অলপতে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত অনুষ্ঠিত হয় এখন বৈঠক । তথ্য অনুসৰি, সেই বৈঠকতে তেনেবোৰ অঞ্চলত খনন চলোৱাৰ ক্ষেত্ৰত নাগালেণ্ড চৰকাৰৰ ফালৰ পৰা কেতবোৰ চৰ্ত আৰোপ কৰা হয় যদিও অসমৰ পক্ষৰ পৰা তেনে কোনোধৰণৰ চৰ্ত আৰোপ কৰা হোৱা নাছিল ।

তথ্য অনুসৰি, সেই বৈঠকতে তেনেবিলাক অঞ্চলত খনন চলোৱাৰ ক্ষেত্ৰত নাগালেণ্ড চৰকাৰৰ ফালৰ পৰা কেতবোৰ চৰ্ত আৰোপ কৰা হয় যদিও অসমৰ পক্ষৰ পৰা তেনে কোনোধৰণৰ চৰ্ত আৰোপ কৰা হোৱা নাছিল (ONGC to start drilling oil in Assam Nagaland border)। সেই বৈঠকতে পুনৰ সীমান্তৱৰ্তী এনে অঞ্চল সমূহত অ' এন জি চিয়ে(ONGC) পুনৰ খনন আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয় । এই কথা নক'লেও চলে যে উক্ত সীমান্তৱৰ্তী অঞ্চল সমূহত অ' এন জি চিয়ে খনন চলালে উপকৃত হ'ব নাগালেণ্ড চৰকাৰহে ।

কোটি কোটি টকাৰ ৰয়েল্টি নাগালেণ্ড চৰকাৰে লাভ কৰাৰ বিপৰীতে অসমে ৰয়েল্টিৰ নামত নাপাব ফুটা কড়ি এটাও । ইতিমধ্যে এক চাৰ্ভেত অ' এন জি চি নিশ্চিত হৈছে যে অসম-নাগালেণ্ডৰ এনে সীমান্তবৰ্তী অঞ্চল সমূহৰ ভূগৰ্ভত প্ৰাকৃতিক গেছ আৰু তেলৰ বৃহৎ ভাণ্ডাৰ আছে, যাৰ বাবে সেই অঞ্চল সমূহত খনন চলাবলৈ তৎপৰ হৈ পৰিছে অ' এন জি চি ।

গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, সীমান্তৰ এনে অঞ্চলসমূহত তৈল খনন চলোৱাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা অসমতকৈ নাগালেণ্ড চৰকাৰ অধিক সক্ৰিয় হৈ আহিছে । ইয়াৰ পূৰ্বেও যোৰহাট জিলাৰ বৰহোলাৰ শিলডুবিৰ ওচৰৰ চাংপাং বস্তিত অ' এন জি চিয়ে ১৯৮১ চনৰ পৰা তৈল খনন চলাই আহিছিল । কিন্তু হঠাৎ নাগালেণ্ড চৰকাৰে সেই ভূখণ্ড তেওঁলোকৰ বুলি দাবী তুলি খননৰ বিপৰীতে স্থানীয় ৰাইজক কোনো ক্ষতিপূৰণ নিদিয়া আৰু নাগালেণ্ড চৰকাৰক কোনো ৰয়েল্টি নিদিয়াৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰে ।

যাৰ পৰিপ্ৰেক্ষিতত চাংপাং আৰু মেৰাপানীৰ সমীপৰ ভাণ্ডাৰীত অ' এন জি চিয়ে খনন বন্ধ কৰিবলগীয়া হয় । সম্প্ৰতি পুনৰ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত বহুকেইটা এনে সীমান্তৱৰ্তী অঞ্চলত খননৰ বাবে অ' এন জি চি সাজু হৈছে । অনস্বীকাৰ্য যে ইয়াৰ ফলত আৰ্থিকভাবে লাভৱান হ'ব নাগালেণ্ডহে, অসম নহয় ।

লগতে পঢ়ক :বৰহোলাস্থিত ONGC ৰ পেলনীয়া দ্ৰব্যই বিনষ্ট কৰিছে কৃষিভূমি

Last Updated : Feb 19, 2022, 4:55 PM IST

ABOUT THE AUTHOR

...view details