অসম

assam

ETV Bharat / state

Youth drowned while taking bath: গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল এজন যুৱক

দেওবাৰে দুপৰীয়া গুৱাহাটীৰ উজান বজাৰ ঘাটত বন্ধুৰ সৈতে গা ধুবলৈ গৈ উটি গ'ল এজন যুৱক (One youth drowned while taking bath in Brahmaputra River) ৷ উটি যোৱা যুৱকজন মহানগৰীৰ শিলপুখুৰীৰ ধীৰাজ ডেকা বুলি জানিব পৰা গৈছে ।

By

Published : Jul 17, 2022, 7:00 PM IST

one-youth-drowned-while-taking-bath-in-brahmaputra-river
গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল এজন যুৱক

গুৱাহাটী, ১৭ জুলাই:গুৱাহাটীত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident in Guwahati) ৷ গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱক ৷ দেওবাৰে দুপৰীয়া উজান বজাৰ ঘাটত বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল যুৱকজন (One youth drowned while taking bath in Brahmaputra River) ৷ উটি যোৱা যুৱকজন মহানগৰীৰ শিলপুখুৰীৰ ধীৰাজ ডেকা বুলি জানিব পৰা গৈছে ।

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল এজন যুৱক

এই ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে SDRF আৰু NDRF বাহিনীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত SDRF আৰু NDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহুৰ্তলৈ কোনো সন্ধান পোৱা নাই যুৱকজনৰ (One youth meet watery grave while bathing in Brahmaputra River) ৷

জানিব পৰা মতে, উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ মৃত ধীৰাজ ডেকা পাঁচজন যুৱক লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল ৷ ইফালে, SDRF আৰু NDRF বাহিনীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত পলম কৈ উপস্থিত হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । সম্প্ৰতি এই ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক:Sexual assault case : গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি কিশোৰী

ABOUT THE AUTHOR

...view details