গুৱাহাটী, ৯ অক্টোবৰঃ পূজাৰ আনন্দ উছাহৰ মাজতে মহানগৰীৰ জালুকবাৰীত সংঘটিত হয় এক শোকাৱহ ঘটনা। এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
জালুকবাৰীত ৰেলৰ আগত পৰি আত্মহত্যা যুৱক-যুৱতীৰ - গুৱাহাটী
গুৱাহাটীৰ শৰাইঘাটৰ সমীপৰ ৰে'ল লাইনত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ। প্ৰেমজনিত কাৰণতে দুয়ো ৰে'লৰ আগত পৰি আত্মহত্যা কৰাৰ সন্দেহ একাংশ ৰাইজৰ।

পূজাৰ আনন্দ উছাহৰ মাজতে আত্মহত্যা যুৱক-যুৱতীৰ
পূজাৰ আনন্দ উছাহৰ মাজতে আত্মহত্যা যুৱক-যুৱতীৰ
গুৱাহাটীৰ শৰাইঘাটৰ সমীপৰ ৰে'ল লাইনত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহ দুটা প্ৰত্যক্ষ কৰি কামাখ্যা ৰেলৱে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ দুটা। মৃত যুৱকজন হাজোৰ আনিমুল আলী বুলি চিনাক্ত কৰা হৈছে। কিন্তু এতিয়ালৈ কিশোৰীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই। প্ৰেমজনিত কাৰণতে দুয়ো ৰে'লৰ আগত পৰি আত্মহত্যা কৰাৰ সন্দেহ একাংশ ৰাইজৰ। উল্লেখযোগ্য যে, বুধবাৰে দিনৰে পৰা নিখোজ হৈ আছিল মৃত আনিমুল নামৰ যুৱকজন।