গুৱাহাটী, 21 জানুৱাৰী :মহানগৰীৰ কালীপুৰত মঙলবাৰে নিশা সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা ৷ কালীপুৰত ৰে'লৰ চেপাত মৃত্যু হয় মহিলাসহ এটি ছমহীয়া শিশুৰ । মৃত মহিলাগৰাকী মহানগৰীৰ ভূতনাথৰ ছামাতু বেগম বুলি চিনাক্ত । মহিলাগৰাকীয়ে শিশুটোক লৈ ৰে'ল লাইন পাৰ হওঁতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা উল্লেখ কৰে স্থানীয় লোকে ৷
মহানগৰীত ৰে'লৰ চেপাত শিশুসহ মহিলাৰ মৃত্যু - ৰে'ল দুৰ্ঘটনা
মৃত মহিলাগৰাকী মহানগৰীৰ ভূতনাথৰ ছামাতু বেগম বুলি চিনাক্ত ।

মহানগৰীত ৰে'লৰ চেপাত মৃত্যু মহিলাসহ শিশুৰ
মহানগৰীত ৰে'লৰ চেপাত মৃত্যু মহিলাসহ শিশুৰ
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আনহাতে আঘাতপ্ৰাপ্ত শিশুটোৰো চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় । বৰ্তমান ৰে'ল আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত ।