অসম

assam

By

Published : Jun 5, 2022, 3:51 PM IST

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ পৰা চিআৰপিএফৰ গাড়ী চালকে চুৰি কৰিলে মিউজিক চিষ্টেম

মুখ্যমন্ত্ৰীৰ বাহনৰ পৰাই চোৰে উঠাই নিলে মিউজিক চিষ্টেম (Thief in CMs escort car) ৷ মিনিষ্টাৰ কলনীত সংঘটিত হ’ল এই ঘটনা ৷ চুৰিকাণ্ড সংঘটিত সষ্টম হৈ পৰে আৰক্ষী ৷ এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে চুৰিকাণ্ডৰ লগত জড়িত এজনক ৷

Thief in CMs escort car
মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনত চুৰিকাণ্ড: এজনক গ্ৰেপ্তাৰ

গুৱাহাটী, ৫ জুন :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ বাহনতে সংঘটিত হ’ল চুৰিকাণ্ড (Thief in CMs escort car)। চোৰে এছকোৰ্টৰ বাহনৰ পৰা চুৰি কৰিলে মিউজিক চিষ্টেম ।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন লোকক । ধৃত লোকজন বৰপেটাৰ চাজাহান আলী (২০) । মিউজিক চিষ্টেম চুৰি হোৱা গাড়ীখন আছিল মিনিষ্টাৰ কলনীত (Minister Colony Guwahati) । চাজাহান আলীৰ গাড়ীৰ চিটৰ তলৰ পৰাই উদ্ধাৰ কৰা হয় চুৰি হোৱা মিউজিক চিষ্টেমটো । উল্লেখ্য যে, ধৃত চাজাহান চিআৰপিএফৰ গাড়ী চালক ।

উল্লেখ্য যে, খোদ মুখ্য়মন্ত্ৰীৰ বাহনতে চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি ৷

লগতে পঢ়ক:Political violence in Karbi Anglong : নিৰ্বাচনৰ প্ৰাকক্ষণত দুৰ্বৃত্তই জ্বলালে বিজেপিৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details