নিউজ ডেস্ক, 29 ডিচেম্বৰ :1979 চন ৷ নিজৰ প্ৰাপ্যখিনি কাঢ়ি আনিবলৈ, অধিকাৰখিনি সাব্যস্ত কৰিবলৈ ওলাই আহিছিল কেইজনমান জাতে-পাতে শুদ্ধ অসমীয়া যুৱক ৷ দিনটো আছিল 7 এপ্ৰিল, স্থান আছিল শিৱসাগৰৰ ৰংঘৰৰ বাকৰি ৷ নিৰস্ত্ৰ নহয়, প্ৰাপ্য কাঢ়ি অনাৰ সংগ্ৰামখনৰ পথ আছিল সশস্ত্ৰ ৷ জন্ম হৈছিল সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফাৰ ৷ খুব সোনকালেই সেই এমুঠিমান যুৱকৰ সংগ্ৰামখনে ৰূপ লৈছিল এটা বৃহৎ মিছিলৰ ৷ বহু অসমীয়াৰ বাবে আলফা হৈ পৰিছিল দীৰ্ঘদিনীয়া বঞ্চনাৰ পৰা মুক্তিৰ বাট দেখুৱাব পৰা এটা উজ্জল পোহৰৰ তিৰবিৰনি ৷ একাংশৰ বাবে ত্ৰাসৰ কাৰণ ৷ সময় বাগৰিল আৰু সেই সময়ৰ চাকনৈয়াত পৰি মাত্ৰ তিনিটা দশকৰ ভিতৰতে বহুধাবিভক্ত হৈ পৰিল আলফাৰ মুক্তি সংগ্ৰাম ৷ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সময়ৰ পৰা আৰম্ভ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈকে দুয়োজনৰে কাৰ্যকালত আলফা প্ৰকৃতাৰ্থত দুটা ভাগত ভাগ হৈ পৰিল ৷
ভায়ে ভায়ে ৰণ লাগি কিমান যে অসমীয়া যুৱক নোহোৱা হ’ল তাৰ হিচাপ কোনে ৰাখিলে ? অপাৰেশ্যন বজৰং- অপাৰেশ্যন ৰাইন’ৱে কিমান অসমীয়া নাৰীৰ সৰ্বোচ্চ সন্মানকণো নোহোৱা কৰিলে তাৰ হিচাপ কোনে ৰাখিলে ? ভাৰতীয় সেনাৰ হাতত ধৰ্ষিতা লখিমপুৰৰ ভনীমাই দত্ত বা ৰাজু বৰুৱাৰ দৰে হাজাৰগৰাকী অসমীয়া যুৱতীয়ে ন্যায় পালেনে ? এই প্ৰশ্নবিলাকে নিশ্চয় আজি চুক্তি স্বাক্ষৰৰ সময়ত বহু অসমীয়াৰ মনত দোলা দিছে ৷ 2011 চনত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, বৈদেশিক সচিব শশধৰ চৌধুৰী, সাংস্কৃতিক সম্পাদক প্ৰণতি ডেকা, প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকাকে ধৰি গৰিষ্ঠ সংখ্যক আলফা নেতাই শান্তিৰ পোষকতা কৰি আলোচনাত ভাগ ল’বলৈ বুলি ম্যানমাৰ, পাকিস্তান, বাংলাদেশ আদিৰ পৰা এজন এজনকৈ আহি অসম পালেহি ৷ ৰৈ গ’ল মাথো মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু তেওঁৰ একাংশ সতীৰ্থ ৷ যিহেতু আলোচনাপন্থীৰ সংখ্যা বেছি সেয়েহে তেওঁলোকক মূল আলফা বুলিয়েই গণ্য কৰা হ’ল আৰু পৰেশ বৰুৱাই তেওঁৰ ফৈদৰ নাম থ’লে আলফা স্বাধীন ৷ আজিৰ দিনটো আলফাৰ বাবে নিশ্চয় গুৰুত্বপূৰ্ণ ৷ কিন্তু আলফা স্বাধীন বা পৰেশ বৰুৱাৰ বাবে ?