অসম

assam

ETV Bharat / state

বিতৰ্কত জি.এম.চি.এইছ : চিকিৎসকৰ অৱহেলাত প্ৰাণ গ'ল ৰোগীৰ!

জি এম চি এইছত বুধবাৰে পুৱা মৃত্যু হয়  প্ৰতাপ কলিতা নামৰ কৰ্কট ৰোগী গৰাকীৰ ৷ তাৰ পাচতে পোহৰলৈ আহে চিকিৎসালয়খনত সংঘটিত এই ঘটনাৰ কথা ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মৃত্যু পৰ্যন্ত এজনো চিকিৎসক উপস্থিত নহ'ল ৰোগীজনৰ কাষত ৷

বিতৰ্কত জি.এম.চি.এইছ.

By

Published : Jul 31, 2019, 4:46 PM IST

গুৱাহাটী, জুলাই 31 : ৰোগী সেৱাৰ বাবে নহয় যেন ৰোগী সংহাৰৰ বাবেহে কৰ্তব্যত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ৷ পুনৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ ৷ জি এম চি এইছত বুধবাৰে পুৱা মৃত্যু হয় প্ৰতাপ কলিতা নামৰ কৰ্কট ৰোগী গৰাকীৰ ৷ তাৰ পাচতে পোহৰলৈ আহে চিকিৎসালয়খনত সংঘটিত এই ঘটনাৰ কথা ৷

বিতৰ্কত জি.এম.চি.এইছ.

তথ্য, অনুসৰি মঙলবাৰে নিশা কেম'থেৰাপি প্ৰদান কৰা হৈছিল প্ৰতাপ কলিতাক ৷ কেম' প্ৰদানৰ প্ৰায় আধাঘণ্টাৰ পাচৰ পৰাই প্ৰচণ্ড বুকুৰ বিষত ভোগে ৰোগীগৰাকীয়ে ৷ পৰিয়ালৰ লোকে বাৰম্বাৰ চিকিৎসকক খবৰ দিয়াৰ পিচতো উপস্থিত নহ'ল এজনো চিকিৎসক ৷ যাৰ ফলত বুকুৰ বিষত চটফটাই থাকি পুৱা 6.35 বজাত মৃত্যুক সাৱটি লয় প্ৰতাপ কলিতাই ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মৃত্যু পৰ্যন্ত এজনো চিকিৎসক উপস্থিত নহ'ল ৰোগীজনৰ কাষত ৷ সতকাই উন্নয়ন আৰু বিকাশৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত সংঘটিত এনে ঘটনাই উদঙাই দিছে প্ৰকৃত উন্নয়নৰ ছবিখন ৷

ABOUT THE AUTHOR

...view details