গুৱাহাটী, 5 ডিচেম্বৰ :পূৰ্বৰ তুলনাত অসম আৰক্ষী অধিক সক্ৰিয় হৈছে ড্ৰাগছৰ বিৰুদ্ধে ৷ যেন ৰাজ্যৰ পৰা শিপাৰে সৈতে ড্ৰাগছৰ ঘাটি উৎখাত কৰিব আৰক্ষীয়ে ৷ শনিবাৰে নিশা গীতানগৰ আৰক্ষীয়ে জু-ৰোড পথৰ পৰা ড্ৰাগছসহ এজন যুৱকক কৰায়ত্ত(Drugs Seized at Geetanagar) কৰে ৷
Drugs Seized at Geetanagar : গীতানগৰত ড্ৰাগছসহ যুৱক কৰায়ত্ত - One person caught with Drugs at Geetanagar Guwahati
গীতানগৰ আৰক্ষীয়ে জু-ৰোড পথৰ পৰা ড্ৰাগছসহ এজন যুৱকক কৰায়ত্ত(Drugs Seized at Geetanagar) কৰে ৷ শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷
ড্ৰাগছসহ যুৱক কৰায়ত্ত
আৰক্ষীৰ জালত পৰা যুৱকজন নাৰিকল বস্তিৰ ধ্ৰুৱজ্যোতি ভূঞা বুলি জানিব পৰা গৈছে ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে নিশা ড্ৰাগছ সৰবৰাহ কৰা অৱস্থাতে কৰায়ত্ত কৰে যুৱকজনক ৷ আৰক্ষীয়ে যুৱকজনৰ পৰা ৬.৮ গ্ৰাম হেৰ'ইন, ৫ টা হেৰ'ইন ভৰ্তি কণ্টেইনাৰ লগতে এটা ম'বাইল ফোন উদ্ধাৰ কৰে ৷ সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে চাওক:Assam Police on Encounter Spree : ছমাহত ২৮ অভিযুক্তৰ মৃত্যু, আহত ৪৮