গুৱাহাটী, ৩১ আগষ্ট: জোৰদাৰ ৰূপত ৰাজ্যত চলিছে জেহাদীৰ বিৰুদ্ধে অভিযান (Mission against Jihadi in Assam)৷ জেহাদী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগত শেহতীয়াকৈ কেইবাজনো লোকক আটক কৰাৰ লগতে গ্ৰেপ্তাৰো কৰা হৈছে ৷ মাদ্ৰাছা স্থাপন কৰি জেহাদীৰ কাৰ্যকলাপ চলাই যোৱাৰ অভিযোগো উত্থাপিত হৈছে ৷ ইয়াৰে কেইবাখনো মাদ্ৰাছাত চলিছে প্ৰশাসনৰ বুলড’জাৰ(Assam Madrasa demolished) ৷
বৰপেটা, বঙাইগাঁও, মৰিগাঁও আদি জিলাৰ পৰা অসম আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে জেহাদীক গ্ৰেপ্তাৰ কৰিছে । বুধবাৰে গুৱাহাটীতো অভিযান চলাই এজন দুধর্ষ জেহাদী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত জেহাদীটো মহানগৰীৰ ফটাশিল আমবাৰীৰ বাসিন্দা আমজদ আজমল হুছেইন বুলি জানিব পৰা গৈছে (Jihadi at Fatasil Ambari)। ফটাশিল আৰক্ষীৰ সহযোগত গোৱালপাৰা আৰক্ষীয়ে গুৱাহাটীৰ ফটাশিল আমবাৰীৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আমজদক (Jihadi arrested in Guwahati)।