নিউজ ডেস্ক, 8 আগষ্ট:ৰাজ্যত বৰ্তমান বান পৰিস্থিতি সুস্থিৰ যদিও ঠায়ে ঠায়ে এতিয়াও অব্যাহত আছে বানৰ সংহাৰ ৷ শিৱসাগত দিখৌ আৰু নিমাতীঘাটত ব্ৰহ্মপুৰ পানী বিপদসীমাৰ ওপৰত বৈছে ৷ ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, শিৱসাগৰ জিলাৰ 8 টা ৰাজহ চক্ৰৰ 31 খন গাঁও সম্প্ৰতি বানৰ কৱলত আছে ৷ জিলাকেইখনৰ 6865 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ ক্ষতিগ্ৰস্ত হৈছে 166.73 হেক্টৰ কৃষিভূমি ৷
বানৰ ফলত মঙলবাৰে গোলাঘাট জিলাত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে চলিত বৰ্ষত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা দৈনিক বান প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা ৷ ইফালে বানাক্ৰান্ত অঞ্চলত থকা-খোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বন্যাক্ৰান্ত ৰাইজ । বন্যাৰ্তৰ সমান্তৰালকৈ বাসস্থান আৰু খাদ্য সংকটত ভুগিছে পশুধনসমূহে ।