গুৱাহাটী,9 জুনঃগুৱাহাটীত পুনৰ COVID-19ত আক্ৰান্ত চিকিৎসক ৷ আক্ৰান্ত চিকিৎসক গৰাকীৰ নাম বুলেন ফুকন ৷ মহানগৰীৰ আৰ্য হাস্পতালত কৰ্মৰত চিকিৎসক গৰাকীৰ সোমবাৰে কৰ'ণা পৰীক্ষণ পজিটিভ আহে । বৰ্তমান তেওঁ মহানগৰীৰ MMCHত চিকিৎসাধীন ।
মহানগৰীত কোভিড-19ত আক্ৰান্ত চিকিৎসক - বুলেন ফুকন
সোমবাৰে covid 19 পজিটিভ আহে মহানগৰীৰ আৰ্য হাস্পতালৰ এগৰাকী চিকিৎসকৰ ৷ সম্প্ৰতি তেঁও চিকিৎসাধীন হৈ আছে MMCH হাস্পতালত ৷

মহানগৰীত পুনৰ covid 19ত আক্ৰান্ত চিকিৎসক
জানিব পৰা মতে, কেইদিনমানৰ পৰা সামান্য জ্বৰ হৈ আছিল চিকিৎসক গৰাকীৰ। চিকিৎসক গৰাকী ৰোগীৰ সংস্পৰ্শলৈ আহিয়েই আক্ৰান্ত হোৱাৰ সন্দেহ । তেওঁৰ পত্নীৰো জ্বৰ আৰু মূৰ বিষৰ সামান্য লক্ষণ আছে । চিকিৎসক জন মহানগৰীৰ অমৰাৱতী পথৰ এটা ফ্লেটত থাকে ৷