অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক - assam news

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱক । যুৱকজনৰ নাম উদ্ভৱ দাস

ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক

By

Published : Aug 25, 2019, 5:16 PM IST

গুৱাহাটী, 25 আগষ্টঃ মহানগৰীৰ পাণ্ডু টেম্পলঘাটত অঘটন । গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱক । যুৱকজনৰ নাম উদ্ভৱ দাস । প্ৰতিদিনৰ দৰেই দেওবাৰে গা ধুবলৈ গৈছিল উদ্ভৱ । কিন্তু নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে যুৱকজনক । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে নদী আৰক্ষীক খবৰ দিয়াত নদী আৰক্ষী আৰু SDRF উপস্থিত হৈ লুইতৰ বুকুত উদ্ধাৰ অভিযান চলায় । কিন্তু বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই যুৱকজনৰ । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ পাণ্ডু অঞ্চলত।

ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক

ABOUT THE AUTHOR

...view details