অসম

assam

ETV Bharat / state

গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী - গুৱাহাটী ৰে'লৱে ষ্টেচনত জব্দ সোণ

ক'চ নম্বৰ B-11ৰ 30 নম্বৰ চিটৰ পৰা তিনিচুকীয়া মিত্ৰা বাহাদুৰ ছেত্ৰীৰ পৰা জব্দ কৰে সোণৰ বিস্কুট কেইখন ৷ জব্দকৃত বিস্কুটৰ মূল্য প্ৰায় 24 লাখ টকা বুলি জানিবলৈ দিয়ে ৰে'ল আৰক্ষীয়ে

গুৱাহাটী
গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

By

Published : Dec 4, 2019, 3:07 PM IST

গুৱাহাটী, 4 ডিচেম্বৰঃ বুধবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱানামনিমুৱা ৰাজধানী এক্সপ্ৰেছপৰা জব্দ কৰে 664 গ্ৰাম ওজনৰ সোণৰ চাৰিখন বিস্কুট ৷ ক'চ নম্বৰ B-11ৰ 30 নম্বৰ চিটৰ পৰা তিনিচুকীয়া মিত্ৰা বাহাদুৰ ছেত্ৰীৰ পৰা জব্দ কৰে সোণৰ বিস্কুট কেইখন ৷ জব্দকৃত বিস্কুটৰ মূল্য প্ৰায় 24 লাখ টকা বুলি জানিবলৈ দিয়ে ৰে'ল আৰক্ষীয়ে । ৰে'ল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,জব্দ কৰা সোণৰ বিস্কুট কেইখন গুৱাহাটী পৰা বিহাৰৰ কৃষাণগঞ্জলৈ যোৱা হৈছিল । মিত্ৰা বাহাদুৰ ছেত্ৰী মঙলবাৰে নিশা অবধ অসম এক্সপ্ৰেছ ৰে'লৰ জৰিয়তে গুৱাহাটীলৈ আহিছিল।

গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

বুধবাৰে পুৱা গুৱাহাটীৰ পৰা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে যোৱাৰ সময়তে ৰে'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ৰে'ল আৰক্ষীয়ে এই সম্পৰ্কে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

লগতে পঢ়কঃগড়চুকত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details