গুৱাহাটী, 16 মাৰ্চ :বিত্তমন্ত্রী অজন্তা নেওগে বুধবাৰে সদনত দাখিল কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট(Assam Budget 2022)। ২০২২-২৩ বৰ্ষৰ বাজেটত মন্ত্রীগৰাকীয়ে ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে । এই এক লাখ নিযুক্তিৰ ভিতৰত ইতিমধ্যে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে বুলি প্ৰকাশ কৰে মন্ত্রী অজন্তা নেওগে(Assam budget on new appointment) । সেই অনুসৰি এই পৰ্যন্ত নিযুক্তি দিয়া হৈছে ১,১৫৭ গৰাকীক ।
ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া ১ লাখ পদৰ ভিতৰত গৃহ বিভাগত ১৬,৬৫৪ টা, প্ৰাথমিক শিক্ষা বিভাগত ১০,০০০ টা পদ, কাৰিকৰী শিক্ষা বিভাগত ২৯৬ টা পদ, এছ চি ই আৰ টি সঞ্চালকালয়ত ২৭৯ টা, মাধ্যমিক শিক্ষা বিভাগত ১৩,৫৬৮ টা পদ, উচ্চ শিক্ষা বিভাগত ১৮৯১ টা পদ, স্বাস্থ্য বিভাগত মুঠ ৬০৯৮ টা পদ, পৰিবেশ আৰু বন বিভাগত ২১৪৮ টা পদ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৩,৫৭২ টা আৰু ১৩৭৮৭ টা পদ, অসম লোকসেৱা আয়োগে গ্ৰেড-১ৰ বাবে ৩,৫৮৭ টা পদ আৰু গ্ৰেড-২ৰ বাবে ১৫৬৮ টা পদ পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও বিত্তমন্ত্ৰী অজন্তা নেওগে সদৰি কৰে ।
ইতিমধ্যে ৰাজ্য চৰকাৰে বহু সংখ্যক পদত নিযুক্তি দিয়া প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে আৰু শীঘ্ৰেই ১ লাখ পদত নিযুক্তি প্ৰদান সম্পূৰ্ণ হ’ব বুলি অজন্তা নেওগে জানিবলৈ দিয়ে ।