গুৱাহাটী, ২ জুন :মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই ড৹ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰে এটা বছৰৰ ভিতৰতে এক লাখ নতুন নিযুক্তি দিব । ইতিমধ্যে এই এক লাখ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে প্ৰথমটো বিজ্ঞাপন । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম) ৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ৮৯৬ টা ষ্টাফ নাৰ্চ পদৰ বাবে বিজ্ঞাপন ।