গুৱাহাটী, 15 নবেম্বৰ : শনিবাৰে জালুকবাৰী আৰক্ষীৰ জালত পৰে বহিঃৰাজ্যৰ এটা প্ৰৱঞ্চক । ৰে'ল বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰৱঞ্চকটোৰ বিৰুদ্ধে । ধৃত লোকজন ওড়িশাৰ হৃদয়ানন্দ দাস বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ বিদ্যানাথ ঝা নামৰ এগৰাকী যুৱকৰ পৰা চাকৰি দিয়াৰ নামত লৈছিল লক্ষাধিক টকা । কিন্তু লোকজন প্ৰৱঞ্চক বুলি সন্দেহ কৰে যুৱকজনে ।
ওড়িশাৰ হৃদয়ানন্দই গুৱাহাটীত পাতিছে চাকৰিৰ ক’লা বজাৰ - প্ৰৱঞ্চকক গ্ৰেপ্তাৰ
ৰে'ল বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ৷ ধৃত লোকজন ওড়িশাৰ হৃদয়ানন্দ দাস ৷
froud
পাচত ভুক্তভোগী যুৱকজনে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে মহানগৰীৰ খানামুখত অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক । দীৰ্ঘদিনৰ পৰা চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে এইগৰাকী হৃদয়ানন্দ দাসৰ বিৰুদ্ধে । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে ।
লগতে পঢ়ক :প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা