অসম

assam

ETV Bharat / state

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি MMCত উত্তপ্ত পৰিস্থিতি - One Died

ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত৷ চিকিৎসকৰ গাঁফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে একাংশই ৷

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি MMCত উত্তপ্ত পৰিস্থিতি

By

Published : Jul 25, 2019, 5:44 PM IST

গুৱাহাটী, 25 জুলাইঃ ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত৷ চিকিৎসকৰ গাঁফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে একাংশই ৷

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি MMCত উত্তপ্ত পৰিস্থিতি

ঘটনা অনুসৰি, বুধবাৰে আবেলি চিকিৎসালয়খনত ভৰ্তি হৈছিল ওদালগুৰিৰ গুকুল চাচেনী নামৰ ৰোগীজন ৷ চিকিৎসা সম্পূৰ্ণ নকৰাকৈয়ে ৰোগীজনক যাবলৈ দিছিল চিকিৎসকে আৰু তাৰ পিচতেই মৃত্যু ঘটে ৰোগীজনৰ ৷ ইয়াকে লৈ ৰোগীজনৰ মৃতদেহ আগত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকে ৷ অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ উপস্থিতিত পৰিস্থিতি শান্ত হোৱাৰ লগতে ৰোগীজনৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details