অসম

assam

By

Published : Dec 7, 2019, 7:06 PM IST

ETV Bharat / state

জালুকবাৰীত উদ্ধাৰ মৃত নাহৰফুটুকী

দুষ্কৃতিকাৰীয়ে নাহৰফুটুকীক হত্যা কৰি কাটি নিলে নেজ, নখ। ইতিমধ্যে উক্ত ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ETV BHARAT
জালুকবাৰীত বিশ্ববিদ্যালয়ৰৰ সমীপত মৃত নাহৰফুটুকী উদ্ধাৰ

জালুকবাৰী, 7 ডিচেম্বৰঃ গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সমীপত উদ্ধাৰ হয় এটা মৃত নাহৰফুটুকী। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

জালুকবাৰীত বিশ্ববিদ্যালয়ৰৰ সমীপত মৃত নাহৰফুটুকী উদ্ধাৰ

জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সমীপত উদ্ধাৰ হয় এটা মৃত নাহৰফুটুকী। নিশাৰ ভাগত কোনো দুৰ্বৃত্তই নাহৰফুটুকীটোক হত্যা কৰি পেলাই যোৱাৰ সন্দেহ একাংশ ৰাইজৰ। মৃত নাহৰফুটুকীটোৰ পৰা নেজডাল কাটি লৈ যায় দুষ্কৃতিকাৰীয়ে। মৃত নহৰফুটুকীটো বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰই প্ৰথমে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীটোক ।

উপস্থিত আৰক্ষীয়ে বন বিভাগৰ লোকক খবৰ দিয়ে যদিও বৰ্তমানলৈ কোনো খা- খবৰ নোলোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। আৰক্ষীয়ে ইতিমধ্যেই ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ দেৱব্ৰত চুতীয়াক আক্ৰমণ কৰিছিল এটা নাহৰফুটুকীয়ে।

লগতে পঢ়ক - শদিয়াত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details