গুৱাহাটী, ২৯ জুলাই :ৰাজ্যৰ ক'ভিড (Covid) পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও নিয়ন্ত্ৰণৰ অধীনলৈ অহা নাই । এতিয়াও ৰাজ্যত দৈনিক সহস্ৰাধিক লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈ আহিছে । মহামাৰী কৰ’ণা ভাইৰাছক পৰাস্ত কৰিবলৈ সমগ্ৰ বিশ্বতে এতিয়া চলি আছে টীকাকৰণ (Vaccination) প্ৰক্ৰিয়া । ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) লগতে চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত সংস্থা সমূহে ভেকচিনকে প্ৰাধান্য দিছে ।
ভাৰততো চলি আছে টীকাকৰণ প্ৰক্ৰিয়া । প্ৰথম অৱস্থাত ভেকচিন গ্ৰহণ কৰিবলৈ সাধাৰণ জনতাৰ মনত কিছু ভয়-শংকাৰ সৃষ্টি হৈছিল যদিও এতিয়া এই প্ৰক্ৰিয়াটো সঠিক দিশত আগবাঢ়িছে । ভাৰতৰ অন্য ৰাজ্যৰ সমান্তৰালকৈ অসমতো অব্যাহত আছে টীকাকৰণ প্ৰক্ৰিয়া । অৱশ্যে অসমত যথেষ্ট লেহেমীয়া গতিত চলি আছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ।
ভেকচিন প্ৰক্ৰিয়াই অসমত এক কোটিৰ ঘৰ অতিক্ৰম কৰিলে ভেকচিনৰ চাহিদা অনুপাতে যোগান যথেষ্ট কম হোৱাত সাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে । ৩.৩৩ কোটি জনসংখ্যাৰ ৰাজ্যখনত লেহেম গতিত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এটা ভাল খবৰ যে ৰাজ্যখনৰ এক কোটিৰো অধিক লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । অসমত বৰ্তমানলৈকে ১,০৩,৩১,৬৮০ গৰাকী লোকে ভেকচিন লাভ কৰিছে । ইয়াৰে ৮৪,৬৭,৫০২ গৰাকীয়ে প্ৰথম ড’জ (First dose) আৰু ১৮,৬৪,১৭৮ গৰাকীয়ে দ্বিতীয় ড’জ (Second dose) লাভ কৰিছে।
ভেকচিন প্ৰক্ৰিয়াই অসমত এক কোটিৰ ঘৰ অতিক্ৰম কৰিলে ইফালে বিগত ২৪ ঘণ্টাত অসমত ১২৭৬ গৰাকী লোক নতুনকৈ কৰ'ণাত (Corona) আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ (Covid Positivity rate) ১.১৪ শতাংশ । ইয়াৰে ১৬১ গৰাকী কামৰূপ মেট্ৰ’ৰ, ৯৮ গৰাকী গোলাঘাটৰ, ৯৫ গৰাকী লখিমপুৰৰ আৰু ৬৬ গৰাকী নগাঁৱৰ । অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫,৬২,৭৩১ গৰাকীলৈ বৃদ্ধি পাইছে ।
ভেকচিন প্ৰক্ৰিয়াই অসমত এক কোটিৰ ঘৰ অতিক্ৰম কৰিলে বিগত ২৪ ঘণ্টাত অসমত কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ১৭৯১ গৰাকী লোকে । আৰোগ্যৰ হাৰ (Recovery rate) ৯৬.৫০ শতাংশ । আনহাতে বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ ২১ গৰাকী লোকৰ মৃত্যু হৈছে । বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ আছে ১৩,১৫২ গৰাকী ক'ভিড ৰোগী ।
লগতে পঢ়ক :ৰাজ্যিক কেবিনেটত লোৱা হ’ল কেইবাটাও সিদ্ধান্ত