গুৱাহাটী, ৬ এপ্ৰিলঃ গুৱাহাটী পাণ্ডুত গা ধুবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ এজন যুৱক । নদী আৰক্ষী ব্ৰহ্মা চাৰফাচ নামৰ জোৱান জনে প্ৰাণ ৰক্ষা কৰে যুৱকজনক । যুৱক জনৰ নাম ধুবুৰীৰ গণি বুলি জানিব পৰা গৈছে ।
নদী আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা যুৱকৰ - Boy Missing
নদী অৰক্ষীৰ ব্ৰহ্মা চাৰফাচ নামৰ এজন জোৱানৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰিল এজন এজন মানসিকভাৱে বিকাৰগ্ৰস্থ যুৱকৰ
গা ধুবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ এজন যুৱক
নদী আৰক্ষী জোৱান জনে ব্ৰহ্মপুত্ৰত যুৱকজন ডুব যোৱা ঘটনাটি প্ৰত্যক্ষ কৰিছিল আৰু লগে লগে জাহাজৰে কেইবা ঘণ্টা ধৰি লুইতৰ বুকুত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক । সম্প্ৰতি ব্ৰহ্মা চাৰফাচৰ জোৱানে যুৱকজনক উদ্ধাৰ কৰি গটাই দিয়ে নদী আৰক্ষীক। ইফালে যুৱকজন কিছুপৰিমাণে মানসিকভাৱে অসুস্থ বুলিও জানিব পৰা গৈছে ।