অসম

assam

ETV Bharat / state

গুৱাহাটী ৰেলৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন - সোণসহ গ্ৰেপ্তাৰ এজন গুৱাহাটীত

শনিবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা সোণৰ বিস্কুট জব্দ কৰাৰ পিছত দেওবাৰে পুৱা পুনৰ ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা সোণৰ বিস্কুট জব্দ কৰে ৷

ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা সোণৰ বিস্কুট জব্দ

By

Published : Nov 10, 2019, 5:34 PM IST

গুৱাহাটী, 10 নবেম্বৰ:দেওবাৰে পুৱা গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ কোচ নম্বৰ A-2 ৰ 28 নম্বৰৰ চিটৰ তলৰ পৰা ভি মানি (34, চেন্নাই) নামৰ লোকজনৰ পৰা প্ৰায় এক কিল'গ্ৰাম ওজনৰ সোণৰ ছয়খন বিস্কুট জব্দ কৰে । জব্দ কৰা সোণৰ বিস্কুটৰ মূল্য প্ৰায় 40 লাখ টকা । ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত সোণৰ বিস্কুট কেইখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিল ।

শনিবাৰে পুৱাও গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ পৰা প্ৰায় 1 কোটি 20 লাখ টকাৰ প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ আঠখন সোণৰ বিস্কুটসহ চুনাই মগক (42 Chunai Mag) গ্ৰেপ্তাৰ কৰিছিল ।

ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা সোণৰ বিস্কুট জব্দ

ইয়াৰ পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে বহু নিচাযুক্ত সামগ্ৰী জব্দ কৰিছে । ইয়াৰ দ্বাৰাই প্ৰমান হৈছে যে বৰ্তমানেও গুৱাহাটী ৰেল ষ্টেচনত এইধৰণৰ অবৈধ সৰবৰাহ অব্যাহত আছে ।

ABOUT THE AUTHOR

...view details