গুৱাহাটী, 9 নৱেম্বৰ:শনিবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ আঠখন সোণৰ বাৰসহ গ্ৰেপ্তাৰ কৰে চুনাই মগ নামৰ লোকজনক ৷ জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় 1 কোটি 20 লাখ টকা। সোণৰ বাৰ কেইখন মিজোৰামৰ পৰা দিল্লীলৈ লৈ যোৱাৰ পাৰিকল্পনা আছিল বুলি জানিবলৈ দিয়ে ৰে'ল আৰক্ষীয়ে ৷
গুৱাহাটীত কোটি টকাৰ সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী - গুৱাহাটীত কোটি টকাৰ সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী
গুৱাহাটী ৰে'ল আৰক্ষীৰ তালাচী অভিযানত জব্দ প্ৰায় 1 কোটি 20 লাখ টকা মূল্যৰ সোণ ৷ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী ৷
সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী
ধৃত লোকজনে লেপটপৰ বেটাৰী লগোৱা স্থান আৰু ট্ৰলী বেগৰ হেণ্ডেলত ভৰাই আনিছিল জব্দ হোৱা সোণখিনি ৷ ইতিমধ্যে গুৱাহাটী ৰে'ল আৰক্ষীয়ে এই সম্পৰ্কত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে চাওকঃ ডিব্ৰুগড়ত লোমহৰ্ষক হত্যাকাণ্ড : এজনক হানি-খুচি হত্যা