অসম

assam

ETV Bharat / state

গুৱাহাটী ৰে'ল ষ্টেচনত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰীক

14 হাজাৰ নিচাযুক্ত WY টেবলেটসহ গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আৰক্ষীয়ে আটক কৰিলে মণিপুৰী যুৱকক ৷ ডিমাপুৰৰ পৰা দিল্লীলৈ নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ৷

By

Published : Nov 29, 2019, 11:25 PM IST

one arrested with drugs in guwahati rail station
গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিলে মণিপুৰী যুৱকক

গুৱাহাটী, 29 নৱেম্বৰঃ গুৱাহাটী ৰে'ল ষ্টেচনত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী অভিযানত বি জি এক্সপ্ৰেছ ৰে'লৰ পৰা 14 হাজাৰ নিচাযুক্ত WY টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ডিমাপুৰৰ পৰা দিল্লীলৈ নি থকা অৱস্থাত জব্দ কৰা হয় ড্ৰাগছখিনি ৷ মণিপুৰৰ ৰোষণ বণীয়া (32) নামৰ সৰবৰাহকাৰী জনৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবা লাখ টকা । এই সম্পৰ্কত গুৱাহাটী ৰেল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ড্ৰাগছ সৰবৰাহকাৰী জনক সোধ-পোছ অব্যাহত ৰাখিছে ৷

গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিলে মণিপুৰী যুৱকক

ABOUT THE AUTHOR

...view details