গুৱাহাটী, 1 নবেম্বৰ :সন্মুখত পোহৰৰ উৎসৱ দিপাৱলী ৷ দীপাৱলী উপলক্ষে প্ৰতিজন মৃৎ শিল্পীৰ হাতৰ পৰশত গঢ় লৈ উঠিছে ভিন্ন আকৃতিৰ মাটিৰ চাকি ৷ যাৰবাবে মৃৎ শিল্পীসকলৰ এৰাব নোৱাৰা ব্যস্ততা দেখা পোৱা পৰিলক্ষিত হৈছে ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো দেখা গৈছে মৃৎ শিল্পীৰ ব্যস্ততা ৷ সদাব্যস্ত গুৱাহাটী মহানগৰীৰ বেলতলাত মাত্ৰ দুটা পৰিয়ালে অক্ষুণ্ণ ৰাখিছে পূৰ্ব পুৰুষৰ পৰম্পৰা ৷ ধৰ্মীয়ভাৱে মুছলমান সম্প্ৰদায়ৰ হ’লেও তেওঁলোকে অতিজৰে পৰাই সংযুক্ত হৈ আছে এই বিশেষ বৃত্তিটোত ৷