অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে চাইবাৰ নিৰাপত্তা মাহৰ - অসম আৰক্ষী দিৱস

অসম আৰক্ষী দিৱস উপলক্ষে বৃহস্পতিবাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চাইবাৰ পিচ ফাউণ্ডেশ্যনৰ উদ্যোগত চাইবাৰ নিৰাপত্তা মাহৰ শুভাৰম্ভ কৰে ৷ নতুন যুগৰ চাইবাৰ অপৰাধ সমূহৰ বিভিন্ন দিশ(টেলিফোনত কৰা জালিয়াতি,অৰ্থ সংক্ৰান্তীয় জালিয়াতি),পৰিচয় চুৰি কৰা অপৰাধ,(আদান-প্ৰদান)ভাইৰাছ চিনাক্তকৰণ আৰু বহুতো দিশ সামৰি বিস্তৃতভাৱে প্ৰচাৰ কৰা হ'ব ৷

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে চাইবাৰ নিৰাপত্তা মাহৰ
মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে চাইবাৰ নিৰাপত্তা মাহৰ

By

Published : Oct 1, 2020, 7:16 PM IST

গুৱাহাটী,1 অক্টোবৰঃঅসম আৰক্ষী দিৱস উপলক্ষে বৃহস্পতিবাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চাইবাৰ পিচ ফাউণ্ডেশ্যনৰ উদ্যোগত চাইবাৰ নিৰাপত্তা মাহৰ শুভাৰম্ভ কৰে ৷ প্ৰতি বছৰে 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰি আহিছে অসম আৰক্ষীয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম আৰক্ষী আৰু চাইবাৰ পীচ ফাউণ্ডেশ্যনৰ উদ্যোগত শুভাৰম্ভ কৰা এই চাইবাৰ নিৰাপত্তা মাহৰ অনুষ্ঠানত নাগৰিক সমাজ আৰু চাইবাৰ ছিকিউৰিটিৰ থিংক টেংকৰ যৌথ উদ্যোগত আৰম্ভ কৰিছিল ৷ ইয়াত আৰক্ষীৰ নীতি বিশেষজ্ঞ সকলো জড়িত হৈ আছে ৷

অসম আৰক্ষী আৰু চিপিএফৰ দ্বাৰা পৰিচালিত এই চাইবাৰ নিৰাপত্তা মাহৰ সময়ত বিশেষকৈ নাগৰিক সকলৰ লগতে যুৱকসকলৰ মাজত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰচাৰ চলাব ৷ এই প্ৰচাৰ কাৰ্যসূচী অনলাইন চাইবাৰ নিৰাপত্তাৰ সকলো দিশ আলোকপাত কৰা হ'ব আৰু ডিজিটেল প্লেটফৰ্ম, ৱেৱনিয়াৰ, ৰেডিঅ' যোগে প্ৰচাৰ আৰু বিভিন্ন দলত বিভক্ত হৈ বিদ্যালয় তথা শিশুসকলৰ মাজত প্ৰচাৰ চলাব ৷

প্ৰচাৰসমূহ অসম চৰকাৰ,অসম আৰক্ষী,চাইবাৰ পীচ ফাউণ্ডেশ্যনৰ চ'ছিয়েল মিডিয়া প্লেটফৰ্ম(টুইটাৰ,ফেচবুক,ইনষ্টাগ্ৰাম,ইউটিউব) আদি সকলোতে প্ৰচাৰ চলিব লগতে এফ এম ষ্টেশ্যন সমূহতো প্ৰচাৰ হ'ব সজাগতামূলক কাৰ্যসূচী ৷ প্ৰচাৰ কাৰ্যসূচী সমূহ মূলত চাইবাৰ ক্ৰাইমৰ বিষয়ে সচেতনতা চলোৱাৰ লগতে উদীয়মান ক্ষেত্ৰ সমূহত নাগৰিক সকলৰ মাজত সচেতনা অনাৰ চেষ্টা কৰা হ'ব ৷

নতুন যুগৰ চাইবাৰ অপৰাধ সমূহৰ বিভিন্ন দিশ(টেলিফোনত কৰা জালিয়াতি,অৰ্থ সংক্ৰান্তীয় জালিয়াতি),পৰিচয় চুৰি কৰা অপৰাধ,(আদান-প্ৰদান)ভাইৰাছ চিনাক্তকৰণ আৰু বহুতো দিশ সামৰি বিস্তৃতভাৱে প্ৰচাৰ কৰা হ'ব ৷ এই প্ৰচাৰ সমূহ নাগৰিকসকলে কেৱল চাইবাৰ ভাবুকি চিনাক্ত কৰা ক্ষেত্ৰতে নহয়, বিভিন্ন চাইবাৰ সংক্ৰান্তীয় ঘটনা সমূহ সংঘটিত হোৱাৰ আগতে যাতে তাক প্ৰতিৰোধ কৰিব পৰা যায় আৰু চাইবাৰ অপৰাধ যাতে ৰোধ কৰিব পৰা যায় তাৰ বিষয়ে জ্ঞান দিয়া হ'ব ৷

লগতে পঢ়ক :গৰু চুৰিৰ সন্দেহত হানি-খুঁচি হত্যাৰ চেষ্টা যুৱকক

ABOUT THE AUTHOR

...view details