গুৱাহাটী,২৪ ডিচেম্বৰ :প্ৰথমবাৰৰ বাবে অসম বিধানসভাত ভাষণ দিলে লোকসভাৰ অধ্যক্ষই (Speaker Om Birla address Assam legislative assembly)। শুকুৰবাৰে পুৱাই দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Lok Sabha Speaker Om Birla in Guwahati)। বিমান বন্দৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদিয়ে তেওঁক আদৰণি জনায় । তাৰ পৰা পোনে পোনে লোকসভাৰ অধ্যক্ষ গৰাকীক বিধানসভালৈ অনা হয় ।
বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত "বিধানসভা টিভি" নামেৰে এটা ডিজিটেল চেনেল মুকলি কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে । এই চেনেলটোৰ জৰিয়তে এতিয়াৰে পৰা ৰাইজে বিধানসভাত চলা সকলো কাৰ্যক্ৰমণিকা চোৱাৰ লগতে আৰ্কাইভৰ সহায়ত সদনৰ পূৰ্বৰ কাৰ্যক্ৰমণিকাও উপভোগ কৰিব পাৰিব । এই কাৰ্যসূচীৰ পিছতে তেওঁ বিধানসভাৰ মজিয়াত ভৰি থয় আৰু সদনত উপস্থিত থকা ১২৬ গৰাকী জনপ্ৰতিনিধিক সম্বোধন কৰে ।