অসম

assam

ETV Bharat / state

Poor Bridges in Guwahati: গড়চুক-পামহী পথত দুখনকৈ দলঙৰ বিধ্বস্ত ৰূপ; যিকোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনাৰ আশংকা - Old bridges in Guwahati carry danger

দুখনকৈ দলঙৰ বিধ্বস্ত ৰূপৰ বাবে যিকোনো মুহূৰ্ততে হ’ব পাৰে ভয়াবহ দুৰ্ঘটনা ৷ গুৱাহাটী মহানগৰীৰ গড়চুক-আজাৰা সংযোগী পথৰ দুখনকৈ দলঙে কঢ়িয়াইছে বিপদ ৷

Poor Bridges in Guwahati
গড়চুক পামহী পথত দুখনকৈ দলঙৰ বিধ্বস্ত ৰূপ

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 5:59 PM IST

গুৱাহাটী, 10 ছেপ্টেম্বৰ:গুৱাহাটী মহানগৰীৰ গড়চুক-আজাৰা সংযোগী পথৰ দুখনকৈ দলঙৰ বিধ্বস্ত ৰূপৰ বাবে যিকোনো মুহূৰ্ততে হ’ব পাৰে ভয়াৱহ দুৰ্ঘটনা ৷ কাৰণ বৰঝাৰ বিমানবন্দৰলৈ যোৱা বিকল্প পথ হিচাবে পৰিগণিত হোৱা পথচোৱাৰ গড়চুকৰ পৰা মাত্ৰ 200 মিটাৰ নিলগত পামহী কেনেলৰ ওপৰত থকা দলঙখন দীৰ্ঘদিন ধৰি মেৰামতি কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

প্ৰায় ডেৰ দশক পূৰ্বে শৰাইঘাটৰ পুৰণি দলঙৰ আৰ্হিত নিৰ্মাণ কৰা দলঙখন শ্লেৱখনৰ পকী আৱৰণ এৰাই গৈ লোসমূহ বিপদজনকভাৱে ওলাই পৰিছে ৷ সমান্তৰালভাৱে দলঙৰ মাজভাগত সৃষ্টি হৈছে কেবাটাও সৰু-বৰ গাঁত ৷ তেনেদৰে একেটা পথেৰে সেই দলংখনৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত মইনাখোৰোং মজলীয়া বিদ্যালয়ৰ সমীপত থকা আন এখন পকী দলঙৰ দুয়োটা মূৰ খহি দুটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷

উক্ত গাঁতত খোজ কাঢ়ি বা কোনো লোকৰ বাহন যাতে পৰি নাযায় তাৰ বাবে বাঁহ পুতি দিছে ৰাইজে ৷ সেয়ে ভয়ংকৰ দুৰ্ঘটনা হোৱালৈ অপেক্ষা কৰি আছে নেকি বিভাগী কৰ্তৃপক্ষই এই প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷ এই সন্দৰ্ভত বৃহত্তৰ অঞ্চলটোৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান ইয়ং গ্ৰীণ ক্লাৱৰ উপদেষ্টা উৎপল কুমাৰ দাস, সভাপতি বিষ্ণু প্ৰসাদ বড়ো আৰু সাধাৰণ সম্পাদক ধীৰাজ টুমুং, ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সনেশ টেৰণকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ কৰ্মকৰ্তাসকলে সদৰী কৰা অনুসৰি এইবাৰ বৰষুণ কম হোৱা বাবেই মইনাখোৰোং মজলীয়া বিদ্যালয়ৰ সমীপত থকা দলঙৰ মূৰ দুটাৰ মাটি খহি যোৱা নাই ৷ যদিহে ধাৰাষাৰ বৰষুণ আহে তেন্তে দলঙখনৰ মূৰ দুটাৰ মাটি খহি গৈ দলঙৰে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাটো নিশ্চিত বুলি মন্তব্য কৰে ৷

তেনেদৰে পামহী কেনেলৰ ওপৰত শৰাইঘাটৰ পুৰণি দলঙৰ আৰ্হিত নিৰ্মাণ কৰা দলঙতো ওলাই থকা লোৰ ৰদ আৰু গাঁতসমূহৰ বাবে যিকোনো মুহূৰ্ততে হ’ব পৰা ভয়াৱহ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ শংকিত হৈ আছে ৷ যাৰ বাবে ইয়ং গ্ৰীণ ক্লাৱ, ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতিয়ে শীঘ্ৰেই লোকনিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী পথ সংমণ্ডলক দুয়োখন দলং মেৰামতি কৰি দুৰ্ঘটনাৰ আশংকা নোহোৱা কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক:Amrit Brikshya: 17 ছেপ্টেম্বৰলৈকে অভিলেখৰ উপৰি অভিলেখ সৃষ্টিৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details