অসম

assam

ETV Bharat / state

অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ - দিছপুৰ সমষ্টি

ক্ৰমাৎ জমি উঠিছে দিছপুৰ সমষ্টিৰ নিৰ্বাচনী যুঁজ ৷ টিকট বঞ্চিত হৈ অতুল বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পুৰণি বিজেপি নেতা জয়ন্ত দাস ৷ খঙত অগ্নিশৰ্মা হৈ অতুল বৰাৰ দাড়িক সমালোচনাৰ লক্ষ্য কৰি লৈছে জয়ন্ত দাসে ৷ অতুল বৰাক প্ৰত্যাহ্বান জনাই জয়ন্ত দাসে কয় যে, "দলীয় টিকট এৰি অতুল বৰাই মোৰ সৈতে নিৰ্দলীয় খেলক, এক লাখ ভোটত পৰাস্ত কৰিম অতুল বৰাক" ৷

অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ
অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ

By

Published : Mar 16, 2021, 5:58 PM IST

Updated : Mar 16, 2021, 7:27 PM IST

গুৱাহাটী,16 মাৰ্চঃ ৰাজ্যৰ ৰাজধানী খ্যাত দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে ক্ৰমাৎ স্পষ্ট হৈ উঠিছে দিছপুৰ সমষ্টিৰ ৰাজনীতিৰ ছবিখন ৷ প্ৰায় ৩০ বছৰ ধৰি বিজেপি দলৰ এজন নিষ্ঠাবান কৰ্মীৰূপে সেৱা আগবঢ়োৱা যুৱ নেতা জয়ন্ত দাসক বঞ্চিত কৰি দিছপুৰ সমষ্টিৰ টিকট প্ৰদান কৰা হ’ল পূৰ্বৰ বিধায়ক অতুল বৰাক ৷ অতুল বৰাক দলীয় টিকট প্ৰদান কৰাৰ পিছতে দলৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল জয়ন্ত দাস ৷

সেই উদ্দেশ্যে মঙলবাৰে দুপৰীয়া ৰুক্মিণীগাঁৱৰ ৰংগমঞ্চত জয়ন্ত দাসে এক ৰাজহুৱা সভাৰ আয়োজন কৰে ৷ য’ত দিছপুৰ সমষ্টিৰ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলক নিমন্ত্ৰণ দিয়া হৈছিল ৷ এই সভাৰ পিছতে আগন্তুক দিনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ন্ত দাস অৱতীৰ্ণ হ’ব নে নহয় সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কথা আছিল ৷ তাৰ পিছতে দলত্যাগ নকৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই আহ্বান জনোৱাৰ লগতে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ নহ’বলৈও আহ্বান জনাই দাসক ৷

অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ

ৰুক্মিণীগাঁৱত আয়োজন কৰা ৰাজহুৱা সভাত উপস্থিত হৈ উচুপি উঠিল জয়ন্ত দাস ৷ কান্দি কান্দি জয়ন্ত দাসে ক’লে – "মোক অন্যায় কৰা হ’ল বহুত" ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কয়- "তেওঁৰ বক্তব্যই মোক কিছু পৰিমাণে হ’লেও সকাহ দিছে ৷ বিজেপিৰ বিকল্প কোনো নাই যদিও মোৰ স্পষ্ট কথা অতুল বৰাক মই কেতিয়াও সমৰ্থন কৰিব নোৱাৰো ৷ তাৰ বাবে যদি মোক দলে নিলম্বন কৰে তাকো মই মূৰ পাতি ল’বলৈ সাজু" বুলি মন্তব্য আগবঢ়ালে জয়ন্ত দাসে ৷ আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সিদ্ধান্ত লোৱাৰ কথা আছিল যদিও পুনৰবাৰ আৰু এদিনৰ সময়সীমা বিচাৰিলে দলীয় কৰ্মীসকলৰ পৰা ৷

লগতে পঢ়কঃআট্ছাৰ বিজেপি বিৰোধী সজাগতা সভা

Last Updated : Mar 16, 2021, 7:27 PM IST

ABOUT THE AUTHOR

...view details