অসম

assam

ETV Bharat / state

গুৱাহাটীবাসীয়ে নাপাব অ’লা-উবেৰ-ৰেপিড'ৰ সেৱা - ola, uber service will not be available

পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে, ডিজেলৰো মূল্য বাঢ়িয়েই আছে । এনেস্থলত কোম্পানীয়ে ভাড়া বৃদ্ধি নকৰাক লৈ ক্ষোভিত হৈ পৰিছে অ’লা, উবেৰ বা ৰেপিড'ৰ চালকসকল । সোমবাৰে গণেশগুৰি উৰণীয়া সেঁতুৰ তলত চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ola, uber service will not be available in Guwahati for some days
গুৱাহাটীবাসীয়ে নাপাব ওলা, উবেৰ, ৰেপিড'ৰ সেৱা

By

Published : Oct 25, 2021, 5:07 PM IST

গুৱাহাটী, ২৫ অক্টোবৰ: গুৱাহাটীবাসীয়ে হয়তো আগন্তুক কেইটামান দিনলৈ লাভ নকৰিব উবেৰ, অ’লা বা ৰেপিড'ৰ সেৱা । ইতিমধ্যে এই কোম্পানীকেইটাৰ অধীনত বাহন চলাচল কৰি অহা চালক‌সকলে গ্ৰহণ কৰিছে এক আন্দোলনৰ কাৰ্যসূচী । যাৰ ফলত গুৱাহাটীত সাময়িকভাৱে হ'লেও এই সেৱাসমূহ বন্ধ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । সোমবাৰে অ’লা, উবেৰ আৰু ৰেপিড'ৰ চালকসকলে গণেশগুৰি উৰণীয়া সেঁতুৰ তলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

গুৱাহাটীবাসীয়ে নাপাব ওলা, উবেৰ, ৰেপিড'ৰ সেৱা

তেওঁলোকৰ দাবী পেট্ৰ'ল-ডিজেলৰ মূল্য আকাশচুম্বী হোৱা স্বত্বেও কোম্পানীয়ে বৃদ্ধি কৰা নাই অ’লা, উবেৰ বা ৰেপিড'ৰ ভাড়া । সেয়ে, যাত্ৰীৰ সৈতেও বহু সময়ত চালকসকলে বাক-বিতণ্ডাত লিপ্ত হ'বলগীয়া হয় । গতিকে ভাড়া বৃদ্ধি নকৰালৈকে অ’লা, উবেৰ, ৰেপিড' চালকসকলে সেৱা বন্ধ ৰাখিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰে ।

আনহাতে, উক্ত কোম্পানীসমূহ একাংশ সন্দেহজনক নাগৰিকেৰেও ভৰি পৰিছে বুলি গুৰুতৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে । চালকসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত মহানগৰীবাসীয়ে অসুবিধাৰ সন্মুখীন হ'ব । কিয়নো, বহু লোকে সাধাৰণতে মহানগৰীত উবেৰ, অ’লা অথবা ৰেপিড'ৰ অধীনত চলা বাহনেৰে যাতায়াত কৰে ।

লগতে পঢ়ক :ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধাচৰণ একাংশ প্ৰযোজকৰ !

ABOUT THE AUTHOR

...view details