ওজাপালিৰ নিজস্ব এটা ঐতিহ্য আছে, ইয়াক নষ্ট নকৰিবঃ নবীন শৰ্মা - প্ৰতিক্ৰিয়া
অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া অংগ ওজাপালিক বিকৃত ৰূপত পৰিৱেশন কৰা ঘটনাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ।এনে ৰূপত পৰিৱেশন কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নবীন শৰ্মাই ৷
গুৱাহাটী, 15 ছেপ্টেম্বৰঃ আপুৰুগীয়া দৰঙী লোকসংস্কৃতি ওজাপালিৰ এক সুকীয়া পৰিচয় আছে লগতে ইয়াৰ প্ৰদৰ্শন শৈলীৰ বিশেষত্ব অনেক। কিন্তু শেহতীয়াকৈ বাক্সাত ওজাপালিক লৈ সংঘটিত এক ঘটনাই কালিমা সানিছে অসমীয়া লোক সংস্কৃতিৰ নামত ৷ বাক্সাত প্ৰদৰ্শিত বিকৃত ওজাপালিৰ ফলত এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ লোক সংস্কৃতিক আধুনিক পৰশ দিবলৈ গৈ এনে বিকৃত আকাৰত প্ৰতিফলিত কৰা কাৰ্যক সহজভাৱে লোৱা নাই লোক সংস্কৃতিৰ সাধকসকলে।এনে ৰূপত পৰিৱেশন কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নবীন শৰ্মাই ৷