গুৱাহাটী,24জুলাই : ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে তেল চুৰি চক্ৰ । মহানগৰীত তেল চুৰি কৰি থকা অৱস্থাত জব্দ টেংকাৰ। জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুৰ সমীপৰ পৰা জব্দ কৰে AS-01 GC 9539 নম্বৰৰ এখন তেলৰ টেংকাৰ। ৰাজপথৰ পৰা কিছু আঁতৰত ৰখাই তেল উলিয়াই আছিল এটা চক্ৰই। তেনে সময়তে আৰক্ষীয়ে নাৰায়ণ বিশ্বাস নামৰ ড্ৰাইভাৰজনক আটক কৰাৰ লগতে জব্দ কৰে টেংকাৰখন।
তেল চুৰিৰ অভিযোগত আটক টেংকাৰৰ ড্ৰাইভাৰ - ৰাজ্যত বৰ্তমানো সক্ৰিয় তেল চুৰি চক্ৰ
তেলচুৰিৰ অভিযোগত জালুকবাৰীত আটক টেংকাৰৰ ড্ৰাইভাৰ ৷ গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে টেংকাৰখন ৷

তেল চুৰিৰ অভিযোগত জালুকবাৰীত আটক এজন
তেল চুৰিৰ অভিযোগত জালুকবাৰীত আটক এজন
ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই তেলচুৰিত জড়িত আন কেইবাজনো লোক পলাই যায় ৷ নুনমাটি ৰিফাইনেৰীৰ তেল বেতকুছিৰ পৰা বকোলৈ নিছিল টেংকাৰখনে ৷ এনেদৰে প্ৰতিদিনেই বিভিন্ন টেংকাৰৰ পৰা তেল চুৰি কৰি আহিছিল দুষ্ট চক্ৰটোৱে । জানিব পৰামতে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে এই তেল চুৰিকাণ্ডৰ সৈতে ৷ একাংশ ONGC লগতে যোগান বিষয়াও এই ঘটনাৰ লগত জড়িত আছে বুলি অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়কঃ শাসকীয় দলে সংবিধানক কটাক্ষ কৰিছেঃ ৰিপুন বৰা