অসম

assam

By

Published : Apr 13, 2021, 10:27 PM IST

ETV Bharat / state

অ’এনজিচিৰ অসম সম্পদ নিজৰ হাতলৈ অনাৰ দিশে অইল

মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল অইল ইণ্ডিয়াই নুমলীগড় তেল শোধানাগাৰ ক্ৰয় কৰাৰ কাৰ্যৰ ৷ গুৱাহাটীৰ ন’ভটেল হোটেলত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা হয় ।‌ সংবাদ মেলত কালৰ অধ্যক্ষ সুশীল কুমাৰ মিশ্ৰ আৰু এনে আৰু এনে আৰ এলৰ পৰিচালন সঞ্চালক পি কৰে বৰুৱাৰ উপৰি আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।‌

অ’ এন জি চি ৰ অসম সম্পদ নিজৰ হাতলৈ অনাৰ দিশে অইল
অ’ এন জি চি ৰ অসম সম্পদ নিজৰ হাতলৈ অনাৰ দিশে অইল

গুৱাহাটী,১৩ এপ্ৰিল: মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল অইল ইণ্ডিয়াই নুমলীগড় তেল শোধানাগাৰ ক্ৰয় কৰাৰ কাৰ্যৰ ৷ মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ ন'ভটেল হোটেলত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰা হয় ।‌ সংবাদমেলত কালৰ অধ্যক্ষ সুশীল কুমাৰ মিশ্ৰ আৰু এনে আৰু এনে আৰ এলৰ পৰিচালন সঞ্চালক পি কৰে বৰুৱাৰ উপৰি আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।‌

উল্লেখযোগ্য যে, NRLৰ ৪৩.০৫ কোটিৰ শ্বেয়াৰ অইল কনচৰ্টিয়ামক ৯৩৭৫.৯৬ কোটি টকাত বিক্ৰীৰ বাবে BPCL আৰু OILৰ মাজত অংশ ক্ৰয়ৰ চুক্তি স্বাক্ষৰিত হৈছে ৷ তথ্য অনুসৰি ইঞ্জিনীয়াৰচ ইণ্ডিয়া লিমিটেডে ৩.২১ কোটি শ্বেয়াৰৰ বাবে ৬৯৯.৯৯ কোটি প্ৰদান কৰাৰ বিপৰীতে অইলে ৮৬৭৫.৯৬ কোটি টকাত ৩৯.৮৪ কোটি শ্বেয়াৰ ক্ৰয় কৰে৷ বাকী থকা ২.২৯ কোটি ইকুইটি শ্বেয়াৰ ৫০০ কোটি টকাত অসম চৰকাৰক প্ৰদান কৰা হয়৷ ইয়াৰ সৈতে BPCLয়ে NRLত থকা ইয়াৰ সমস্ত ৬১.৬৫ শতাংশ শ্বেয়াৰ উক্ত কনচৰ্টিয়াম আৰু অসম চৰকাৰলৈ হস্তান্তৰ কৰে৷ এই প্ৰক্ৰিয়াৰ দ্বাৰা এনে আৰ এলৰ মালিকানা আশী শতাংশৰো অধিক অংশৰে অইলৰ হাতলৈ গৈছে ।‌

তাৎপৰ্যপূৰ্ণ ভাৱে মঙলবাৰৰ এই সংবাদ মেলত অইলৰ অধ্যক্ষ সুশীল কুমাৰ মিশ্ৰই কয় যে, অইলে অ’ এন জি চি ৰ অসম সম্পদ (Assam asset) ক্ৰয় কৰাৰ বাবেও অগ্ৰসৰ হৈছে ।‌ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কথা বতৰাও আৰম্ভ কৰিছে ।

লগতে পঢ়ক:কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ: বিশ্ব স্বাস্থ্য সংস্থা

ABOUT THE AUTHOR

...view details