অসম

assam

ETV Bharat / state

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিষয়ে দণ্ডাধীশক অপব্যৱহাৰ কৰাৰ অভিযোগ - Officer in charge and magistrate allege misbehaviour against each others

থানাত গোচৰ দিবলৈ আহি অপব্যৱহাৰৰ সন্মুখীন এজন নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ । সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বাৰা অপদষ্ট ভুক্তভোগী দণ্ডাধীশগৰাকীয়ে থানাত দাখিল কৰে এজাহাৰ ৷ কিন্তু ভুক্তভোগীৰ অভিযোগ অস্বীকাৰ আৰক্ষী বিষয়াৰ (Alligation against oc of satgaon police station) ৷

lligation againest oc of satgaon police station
থানাত গোচৰ দিবলৈ যোৱা নিৰ্বাচনী বিষয়াক অপদষ্ট কৰাৰ অভিযোগ অ’চিৰ বিৰুদ্ধে

By

Published : Mar 8, 2022, 2:27 PM IST

গুৱাহাটী, 8 মাৰ্চ :থানাত গোচৰ দিবলৈ আহি খোদ আৰক্ষী বিষয়াৰ দ্বাৰা অপদস্থ হ’ল কৰ্মৰত এগৰাকী নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ । মহানগৰীৰ সাতগাঁও থানাত সোমবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

অভিযোগ অনুসৰি, নুনমাটি গোপাল নগৰ নিবাসী দক্ষিণ শালমৰাৰ কাৰ্যবাহী দণ্ডাধীশ হোৱাৰ উপৰিও এগৰাকী নিৰ্বাচনী বিষয়া হিচাপে কৰ্মৰত বিভাষ মেধিয়ে সোমবাৰে দিনৰ প্ৰায় ৩ বজাত থানাখনত উপস্থিত হয় ৷ কিয়নো কিছুদিনৰ পৰা সাতগাঁও থানাৰ অন্তৰ্গত দলবাৰীৰ কোনো অচিনাক্ত লোকে ফোনযোগে দণ্ডাধীশগৰাকীক ভাবুকি প্ৰদান কৰি আহিছিল ৷ যাৰ সন্দৰ্ভত সাতগাঁও থানাত এক গোচৰ দিয়াৰ উদ্দেশ্যে সোমবাৰে থানাত উপস্থিত হৈছিল দণ্ডাধীশগৰাকী ।

কিন্তু থানা চৌহদত আকস্মিকভাৱে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে দণ্ডাধীশগৰাকীৰ মাজত কোনো কথাক লৈ মতানৈক্যৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে দণ্ডাধীশ বিভাষ মেধিক অশালীন ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰে ৷ এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী দণ্ডাধীশগৰাকীয়ে । অৱশ্যে দণ্ডাধীশগৰাকীৰ এই অভিযোগ খণ্ডন কৰিছে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ লহকৰে (Alligation against oc of satgaon police station)।

বৰং দণ্ডাধীশগৰাকীহে গোচৰ দিবলৈ আহি অভব্য আচৰণ কৰাৰ অভিযোগ তোলে আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰে । এফালে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী দণ্ডাধীশ গৰাকীয়ে সাতগাঁও থানাত দাখিল কৰে এক এজাহাৰ । ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷

লগতে পঢ়ক :চাকৰিৰ নামত উৎকোচ লৈ আৰক্ষীৰ জালত চৰকাৰী কৰ্মচাৰী

ABOUT THE AUTHOR

...view details